NORTHEAST NOW (Assamese)
অসম

ব্ৰাজিলৰ তাৰকা ফুটবলাৰ ৰোণাল্ডিনহো কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 26, 2020 4:04 pm
ব্ৰাজিলৰ তাৰকা ফুটবলাৰ ৰোণাল্ডিনহো কোভিড প’জিটিভ

ব্ৰাজিলৰ তাৰকা ফুটবলাৰ ৰোণাল্ডিনহোৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

তাৰকা ফুটবলাৰ গৰাকীয়ে নিজেই তেওঁ কোভিড প’জিটিভ হোৱা বুলি উল্লেখ কৰে।

কোভিড প’জিটিভ হ’লেও বৰ্তমানলৈ খেলুৱৈ গৰাকীৰ শৰীৰত কোনোধৰণৰ ক’ৰ’নাৰ লক্ষণ দেখা দিয়া নায়।

‘‘মই কোভিড পৰীক্ষা কৰাওঁ আৰু পৰীক্ষাত মোৰ ফলাফল প’জিটিভ আহে। মই ভালে আছো আৰু বৰ্তমানলৈ মোৰ শৰীৰত কোনো লক্ষণ দেখা দিয়া নাই,’’ ৰোণাল্ডিনহোৱে ইষ্টাগ্ৰামত এইদৰে লিখে।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ প্ৰথমভাগত পাঁচ মাহতকৈয়ো অধিক সময় ৰোণাল্ডিনহোৱে পৰাগুৱেত কাৰাবাস খাটিবলগীয়া হৈছিল।

জাল পাছপোৰ্টৰ বাবেই ৰোণাল্ডিনহোৱে কাৰাবাস খাটিবলগীয়া হৈছিল।

সমগ্ৰ বিশ্বৰ ভিতৰত ব্ৰাজিল ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত তৃতীয় সৰ্বাধিক ক্ষতিগ্ৰস্ত দেশ।

ৰোণাল্ডিনহোৰ পূৰ্বে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোণাল্ডোও কোভিড প’জিটিভ হয়।

দ্বিতীয়বাৰৰ বাবে কৰা কোভিড পৰীক্ষাতো ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ ফলাফল প’জিটিভ আহে।