NORTHEAST NOW (Assamese)
অসম

উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদন প্ৰত্যাহাৰ কৰিলে ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে

Posted by: এন ই নাও নিউজ August 11, 2018 10:17 am
31189643_1942875795725254_5465004773562384384_n-570x320

আলফা নেতা পৰেশ বৰুৱাৰ ঘনিষ্ঠ তথা একালৰ পি চি জিৰ সদস্য ৰেৱতী ফুকনৰ নিৰুদ্দিষ্ট হোৱাৰ ঘটনা দিনে দিনে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। ৰেৱতী ফুকন  সন্ধানহীন হোৱাৰ তিনি মাহ পাৰ হৈ যোৱাৰ পাছতো তেওঁৰ কোনো শুং-সূত্ৰ নোলোৱাত উপায়হীন হৈ ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে উচ্চতম ন্যায়ালয়ত তৰা আৱেদনখন শুকুৰবাৰে প্ৰত্যাহাৰ কৰে।

উল্লেখযোগ্য যে যোৱা ২২ এপ্ৰিলৰ পৰাই সন্ধানহীন হৈ আছে ৰেৱতী ফুকন। মহানগৰীৰ অম্বিকাগিৰী নগৰত থকা নিজা বাসভৱনৰ পৰা প্ৰাত:ভ্ৰমণত ওলাই যোৱাৰ পাছৰে পৰাই এতিয়ালৈকে কোনো সন্ধান নাই ফুকনৰ।

ইপিনে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ অভয় মোহন ছাপ্ৰে আৰু ইউ ইউ ললিতৰ খণ্ড বিচাৰপীঠখনে যোৱা চাৰি মে’ত ফুকনক শ্বিলঙৰ চি আৰ পি এফ কেম্পত দেখা পোৱা বুলি বাৰ্তা প্ৰেৰণ কৰা চিকিৎসক ডাঃ গেব্ৰিয়েলক সোধ-পোছ কৰাৰ বাবে দিয়া নিৰ্দেশ অনুসৰি মেঘালয় আৰক্ষীয়ে চিকিৎসকজনক সোধ-পোছ কৰাৰ পাছত ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰে।

জানিব পৰা মতে প্ৰতিবেদনত ডাঃ গেব্ৰিয়েলে ফুকনৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাতৰি অস্বীকাৰ কৰা বুলি উল্লেখ কৰা হৈছে। তদুপৰি ৪ মে’ত ডাঃ গেব্ৰিয়েল শ্বিলঙৰ চি আৰ পি এফ কেম্পত কৰ্তব্যৰত নাছিল বুলি উল্লেখ কৰি উক্ত দিনটোত ডাঃ গেব্ৰিয়েলৰ পৰিৱৰ্তে ডাঃ অনিল নামৰ আন এজন চিকিৎসকহে কৰ্তব্যত আছিল বুলি কোৱা হৈছে।

মেঘালয় আৰক্ষীৰ এই প্ৰতিবেদনৰ পাছতেই শুকুৰবাৰে বিচাৰপীঠত কৌশিক ফুকনে ন্যায়ালয়ত তেওঁ দাখিল কৰা আৱেদনখন প্ৰত্যাহাৰ কৰে।

আনহাতে,কেন্দ্ৰীয় চৰকাৰে ফুকনৰ নিৰুদ্দিষ্ট ঘটনাৰ লগত কেন্দ্ৰীয় কোনো চোৰাংচোৱা সংস্থা বা নিয়া জড়িত হৈ থকা নাই বুলি শপতনামাযোগে ইতিমধ্যে আদালতত স্পষ্ট কৰি দিছে।

ৰেৱতী ফুকনৰ সন্ধানহীন হোৱা ঘটনাৰ দিশত এতিয়া কাৰো হাতত কোনো তথ্য নাই। এনে পৰিস্থিতিত ফুকনৰ নিৰুদ্দিষ্ট ঘটনাৰ ক্ষেত্ৰত ৰহস্য ক্ৰমে বৃদ্ধি পাবলৈ লৈছে।