NORTHEAST NOW (Assamese)
Popular Stories

বেলজিয়ামত থকা পলাতক মেহুল চোকচীক ভাৰতলৈ প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া আৰম্ভ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 23, 2025 5:00 pm

ঋণৰ পৰিমাণ প্ৰায় ১৪ হাজাৰ কোটি টকা।তথাপিও বৰ্তমান পত্নীৰ সৈতে বেলজিয়াম ভ্ৰমণ কৰি আছে মেহুল চোকচিয়ে। পঞ্জা নেচনেল বেংকৰ কেলেংকাৰিৰ অন্যতম অভিযুক্ত মেহুলে কেইবাবছৰো ধৰি তাতেই বসবাস কৰি আহিছে কাৰণ তেওঁৰ পত্নী প্ৰীতি সেইখন দেশৰ নাগৰিক। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দিল্লীয়ে মেহুলক ভাৰতলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বেলজিয়াম প্ৰশাসনৰ সৈতে আলোচনা চলি আছে।

১৩,৮৫০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ মেহুল চোকচীৰ। কিন্তু তেওঁ দেশ এৰি যোৱাৰ পাছতো তদন্তকাৰী সংস্থাই কোনো প্ৰত্যক্ষ ব্যৱস্থা লব পৰা নাছিল। চিবিআই আৰু ইডি দুয়োটাই বিচাৰিছে তেওঁক।

জানিব পৰা গৈছে যে, মেহুলে ২০২৩ চনৰ ১৫ নৱেম্বৰৰ পৰা এফ ৰেচিডেন্সি কাৰ্ডব্যৱহাৰ কৰি বেলজিয়ামত থাকিবলৈ আৰম্ভ কৰিছিল। এই কাৰ্ডৰ জৰিয়তে আন দেশৰ নাগৰিকে কিছুমান চৰ্তত নিজৰ বিবাহিত সংগীৰ সৈতে বেলজিয়ামত বাস কৰিব পাৰে।

ইয়াৰ পূৰ্বে মেহুল কেৰিবিয়ান দ্বীপ ৰাষ্ট্ৰ এন্টিগুয়া আৰু বাৰ্বুডাত আছিল। তাতো তেওঁৰ নাগৰিকত্ব আছে। কিন্তু ২০২৩ চনত এন্টিগুয়া আদালতে ৰায় দিছিল যে তেওঁক সেই দেশৰ পৰা আন কলৈকো নিব নোৱাৰি। ফলত ভাৰতৰ প্ৰত্যাৰ্পণৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হয়। কিন্তু এতিয়া মেহুল বেলজিয়ামলৈ স্থানান্তৰিত হোৱাৰ লগে লগে তেওঁক ঘূৰাই অনাৰ সম্ভাৱনা বাঢ়িছে। অৱশ্যে তেওঁ এতিয়াও এন্টিগুয়া আৰু বাৰবুডাৰ নাগৰিক।

অভিযোগ আছিল যে মেহুলে ভুৱা নথি-পত্ৰ সৃষ্টি কৰি বেলজিয়ামত থাকিবলৈ অনুমতি লবলৈ চেষ্টা কৰিছিল। যদিহে তেওঁৰ অস্থায়ী অনুমতি পত্ৰ স্থায়ী হয়, তেন্তে তেওঁ মুক্তভাৱে ইউৰোপৰ বিভিন্ন দেশলৈ যাব পাৰিব, যাৰ ফলত ভাৰতৰ বাবে প্ৰত্যাৱৰ্তনৰ কাম অধিক কঠিন হৈ পৰিব।

কিছু বাতৰিত এই কথাও উল্লেখ কৰা হৈছে যে মেহুলে বৰ্তমান চিকিৎসাজনিত কাৰণত ছুইজাৰলেণ্ডলৈ যোৱাৰ পৰিকল্পনা কৰিছে। ভাৰতলৈ প্ৰত্যাৰ্পণৰ পৰা হাত সাৰিবলৈ তেওঁ শাৰীৰিক অসুস্থতা আৰু মানৱীয় কাৰণৰ উল্লেখ কৰিছে। কিন্তু প্ৰত্যাৰ্পণৰ বিষয়টোক কিমান বিবেচনা কৰা হব সেয়া সময়েহে কব।

পিএনবি কেলেংকাৰিত জড়িত হৈ ২০১৮ চনৰ জানুৱাৰী মাহত তেওঁ ভাৰত এৰি থৈ যায়। ২০২৪ চনৰ মেমাহত তেওঁ মুম্বাইৰ এখন বিশেষ আদালতত দাবী কৰিছিল যে তেওঁৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কাৰণত ভাৰতলৈ ঘূৰি আহিব পৰা নাই, গতিকে তেওঁক পলাতক আৰ্থিক প্ৰৱঞ্চকবুলি কব নোৱাৰি।

২০২১ চনত এন্টিগুয়া আৰু বাৰবুডাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈছিল মেহুল। পাছত তেওঁ ডমিনিকাত থকা বুলি ধৰা পৰে। তাৰ পিছত ভাৰত চৰকাৰে তেওঁক অপহৰণ কৰা বুলি দাবী উত্থাপন হৈছিল। অৱশ্যে পিছত এই অভিযোগ খাৰিজ কৰা হয়।