NORTHEAST NOW (Assamese)
অসম

যোৰাবাটত ৪১ টা গৰু ট্ৰাকসহ জব্দ কৰিলে মহানগৰ আৰক্ষীয়ে 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 17, 2023 5:16 pm
যোৰাবাটত ৪১ টা গৰু ট্ৰাকসহ জব্দ কৰিলে মহানগৰ আৰক্ষীয়ে 

যোৰাবাটত দেওবাৰে গুৱাহাটী মহানগৰ আৰক্ষীয়ে এখন ১২ চকীয়া ট্ৰাকৰ পৰা ৪১ টাকৈ গৰু উদ্ধাৰ কৰে।

সূত্ৰ অনুসৰি বশিষ্ঠ থানাৰ অন্তৰ্গত যোৰাবাট আৰক্ষী চকীৰ এটা দলে এ এছ ১৯ এ চি ১০৩২ নম্বৰৰ এখন ট্ৰাক আটক কৰে, য’ত ৪১ জীৱিত আৰু ৩টা মৃত গৰু উদ্ধাৰ হয়। 

জানিব পৰা মতে, তেজপুৰৰ পৰা মেঘালয়ৰ বায়ৰ্নিহাটলৈ গৈ আছিল ট্ৰাকখন।

ইফালে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰিছে। অভিযুক্ত দুজন অভয়াপুৰীৰ আৰ্ছাদ আলী আৰু আজগৰ আলী বুলি জানিব পৰা গৈছে।

এক্সত মহানগৰ আৰক্ষীয়ে জনোৱা মতে, ‘বশিষ্ঠ আৰক্ষী থানাৰ যোৰাবাট আৰক্ষী চকীৰ  ই জি পি ডিৰ এটা দলে যোৰাবাটত এ এছ ১৯ এ চি ১০৩২ নম্বৰৰ এখন ১২ চকীয়া ট্ৰাক বায়ৰ্নিহাটলৈ চোৰাংকৈ সজীৱ গৰু সৰবৰাহ কৰিবলৈ গৈ থকা অৱস্থাত আটক কৰে। ৪১টা জীয়া গৰু উদ্ধাৰ কৰাৰ বিপৰীতে ৩টা গৰুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অভয়াপুৰীৰ আৰ্ছাদ আলী আৰু আজগৰ আলীক গ্ৰেপ্তাৰ কৰা হয়।”