NORTHEAST NOW (Assamese)
অসম

অসম বিধানসভাত গৃহীত হ’ল নতুন ব্যক্তিগত বিশ্ববিদ্যালয় বিধেয়ক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 25, 2025 12:25 pm

অসমত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অন্যান্য কৰ্মচাৰীৰ ধৰ্মান্তৰকৰণৰ সৈতে জড়িত কাম-কাজত ব্যক্তিগত বিশ্ববিদ্যালয়সমূহক নিষেধাজ্ঞা আৰোপ কৰিবলৈ অসম বিধানসভাত গৃহীত হ’ল নতুন ব্যক্তিগত বিশ্ববিদ্যালয় বিধেয়ক।

ইয়াৰোপৰি তিনিখন নতুন বিশ্ববিদ্যালয় স্থাপন আৰু বৰ্তমানৰ ৯খন বিশ্ববিদ্যালয়ৰ সৈতে জড়িত আইন সংশোধনৰ বিধেয়কসমূহতো সদনে অনুমোদন জনায়।

এই সংশোধনী বিধেয়কখনত উল্লেখ আছে যে বিশ্ববিদ্যালয়খনে ধৰ্মনিৰপেক্ষ চৰিত্ৰ বজাই ৰাখিব। ইয়াৰ উপৰিও ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা ব্যক্তিগত খণ্ডৰ  বিশ্ববিদ্যালয়ে কৃষি, পশু চিকিৎসা আৰু অন্যান্য সংশ্লিষ্ট বিষয়ৰ সৈতে জড়িত কোনো নতুন কাৰিকৰী, চিকিৎসা, পেৰা-মেডিকেল, নাৰ্চিং আৰু অন্যান্য কাৰিকৰী পাঠ্যক্ৰম মুকলি কৰিব বুলিও নোৱাৰিব বুলিও উল্লেখ কৰা হৈছে।

শিক্ষামন্ত্ৰী ৰানোজ পেগুৱে এই বিধেয়কসমূহ বিবেচনা আৰু গৃহীত কৰাৰ বাবে সদনত উত্থাপন কৰাৰ লগতে অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন, ২০০৭ সংশোধনীৰ বাবে আন এখন বিধেয়ক উত্থাপন কৰিছিল।