NORTHEAST NOW (Assamese)
অসম

অসমবাসীক প্ৰধান মন্ত্ৰী মোদীয়ে অসমীয়াতে দিলে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 14, 2020 8:31 am
Modi-in-Assam1-720x420-750x375

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

আজি প্ৰধান মন্ত্ৰীগৰাকীয়ে টুইটাৰ যোগে অসমীয়াতে অসমবাসীলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে।

টুইটোত প্ৰধান মন্ত্ৰীয়ে অসমৰ জনজীৱনৰ বাপতিসাহোন এই উৎসৱে সমাজত ঐক্য আৰু সম্প্ৰীতিৰ বান্ধোন অধিক দৃঢ় কৰি তুলিব বুলি আশা ব্যক্ত কৰে।

প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁৰ টুইটাৰত লিখিছে: ‘’ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ এই শুভক্ষণত আপোনালোক আটাইকে মোৰ আন্তৰিক ওলগ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ জনজীৱনৰ বাপতিসাহোন এই উৎসৱে সমাজত ঐক্য আৰু সম্প্ৰীতিৰ বান্ধোন অধিক দৃঢ় কৰি তোলক তাৰেই কামনা কৰিছোঁ।‘’

ইয়াৰ পূৰ্বেও কেইবাবাৰো এনেদৰে উৎসৱত প্ৰধান মন্ত্ৰী মোদীয়ে অসমীয়াতে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছিল।

ইপিনে, আজি প্ৰধান মন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰক সম্বোধন কৰিব। তেওঁ আজি অন্ত পৰিবলগীয়া ২১ দিনীয়া লকডাউনৰ পৰৱৰ্তী পদক্ষেপ সম্পৰ্কে ঘোষণা কৰাৰ সম্ভাৱনা আছে।