NORTHEAST NOW (Assamese)
অসম

WHOৰ সতৰ্কবাণী: ছোৱাইন ফ্লু-তকৈয়ো ১০গুণ অধিক প্ৰাণঘাতী কৰ’না ভাইৰাছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 14, 2020 9:32 am
244062-9df5efbf-a757-429d-9d2b-bd75ff3d4b1e

সমগ্ৰ বিশ্বতে মাৰাত্মক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কৰ’না ভাইৰাছে। বৰ্তমানলৈকে গোটেই বিশ্বতে এই মহামাৰীৰ ফলত ১৯,২০,৬১৮জন লোক আক্ৰান্ত হৈছে। মৃত্যুৰ সংখ্যা এতিয়ালৈ ১,১৯,৬৬৬জন হৈছে।

ভাৰতত এতিয়ালৈ ১০,৩৬৩জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। আনহাতে, ৩৩৯জন লোকৰ মৃত্যু ঘটিছে।

ইয়াৰ মাজতে এক সতৰ্কবাণী শুনাইছে বিশ্ব স্থাস্থ্য সংস্থা (WHO)ই।

বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা কোৱা হৈছে যে ছোৱাইন ফ্লু বা N1H1ভাইৰাছতকৈয়ো এই কৰ’না ভাইৰাছ ১০গুণ অধিক প্ৰাণঘাতী।

উল্লেখ্য যে ২০০৯চনত সমগ্ৰ বিশ্বত ছোৱাইন ফ্লুৱে মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল।

বিশ্ব স্বাস্থ্য সংস্থাই লগতে কৈছে যে এতিয়ালৈকে বিভিন্ন দেশে কৰ’না ভাইৰাছ মোকাবিলাৰ বাবে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেইবোৰ লাহে লাহে উঠাই দিব লাগিব।

জেনেভাৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানামে এক বিবৃতিত কয় যে কোভিড-১৯ অতি দ্ৰুতভাৱে বিয়পি পৰা কথাটো এতিয়া আমি সকলোৱে জানো। এই ভাইৰাছ ছোৱাইন ফ্লুতকৈ ১০ গুণ অধিক মাৰনাত্মক।

বৰ্তমান কোভিড-১৯ নিয়ন্ত্ৰণৰ বাবে ভাৰততো লকডাউন চলি আছে। আজি এই লকডাউনৰ অন্ত পৰিব।

কিন্তু আজি প্ৰধান মন্ত্ৰী মোদীয়ে লকডাউন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। আজি পুৱা ১০ বজাত প্ৰধান মন্ত্ৰীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব।

প্ৰধান মন্ত্ৰী মোদীয়ে আজি তেওঁৰ ভাষণত লকডাউনৰ ম্যাদ বৃদ্ধিৰ ঘোষণা কৰাৰ লগতে অৰ্থনীতিক সুস্থিৰ কৰি ৰখাৰ বাবে কিছু গুৰুত্বপূৰ্ণ নীতি ঘোষণা কৰিব পাৰে বুলি বিভিন্ন মহলে অনুমান কৰিছে।