NORTHEAST NOW (Assamese)
Popular Stories

কুনাল কামৰা বনাম একনাথ সিন্দে! কুনালক জাননী জাৰি মুম্বাই আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 25, 2025 3:54 pm

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ বিৰুদ্ধে কৌতুকক লৈ ষ্টেণ্ড আপ কমেডিয়ান কুনাল কামৰা যথেষ্ট সমালোচনাৰ সন্মুখীন হবলগীয়া হৈছে।এই ঘটনাৰ মাজতে মুম্বাই আৰক্ষীয়ে মঙলবাৰে (২৫ মাৰ্চ, ২০২৫) ষ্টেণ্ড আপ কমেডিয়ানগৰাকীক সিন্দেৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত জাননী জাৰি কৰে।

৩৬ বছৰীয়া ষ্টেণ্ড আপ কমেডিয়ানগৰাকীয়ে মহাৰাষ্ট্ৰত জনপ্ৰিয় হিন্দী গীতৰ পেৰডি পৰিৱেশন কৰি এক বৃহৎ ৰাজনৈতিক ধুমুহাৰ সূচনা কৰিছিল, আপাত দৃষ্টিত সিন্দেক “ গদ্দাৰ (দেশদ্ৰোহী) বুলি উল্লেখ কৰিছিল। শিৱসেনা আৰু এনচিপি-ৰ বিভাজনকে ধৰি মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক পৰিঘটনাক লৈয়ো কামৰাই ব্যংগ কৰিছিল।

উল্লেখ্য যে, দেওবাৰে (২৩ মাৰ্চ, ২০২৫) নিশা শিৱসেনাৰ সদস্যসকলে মুম্বাইৰ খাৰ অঞ্চলৰ হেবিটেট কমেডী ক্লাবৰ বিস্তৰ ক্ষতিসাধন কৰে, যত কামৰাৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল।

মহাৰাষ্ট্ৰ চৰকাৰে সোমবাৰে (২৪ মাৰ্চ, ২০২৫) কামৰাৰ ষ্টেণ্ড আপক লৈ ক্ষমা খুজিবলৈ কোৱাৰ লগতে আৰু ব্যংগসমূহক ৰাজনৈতিকভাৱে পৰোচিত বুলি অভিহিত কৰিছিল। চৰকাৰে কয় যে, ইয়াৰ আঁৰত কোন আছে সেইটো নিশ্চিত কৰিবলৈ কামৰাৰ চিডিআৰ আৰু বেংক ষ্টেটমেণ্টো পৰীক্ষা কৰা হ’ব।

ইপিনে কামৰাই কয় যে তেওঁ এই গোটটোকসমূ্হক ভয় নকৰে আৰু তেওঁৰ মন্তব্যৰ বাবে তেওঁ ক্ষমা নোখোজে। সোমবাৰে নিশা জাৰি কৰা এক বিবৃতিত তেওঁ কয় যে, তেওঁ মোৰ বিৰুদ্ধে লোৱা যিকোনো বৈধ ব্যৱস্থাৰ বাবে আৰক্ষী আৰু আদালতৰ সৈতে সহযোগিতা কৰিবলৈ মই সাজু আছোঁ।’