NORTHEAST NOW (Assamese)
Popular Stories

পথ দুৰ্ঘটনাত আহত অভিনেতা চনু ছুদৰ পত্নীঃ সামাজিক মাধ্যমযোগে জনালে সবিশেষ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 25, 2025 6:13 pm

২৫ মাৰ্চ মঙলবাৰে মুম্বাই-নাগপুৰ ঘাইপথত সংঘটিত হোৱা এক দুৰ্ঘটনাত বলীউদ অভিনেতা চনু ছুদৰ পত্নী সোণালী ছুদ আঘাতপ্ৰাপ্ত হয়।অভিনেতাগৰাকীয়ে পত্নীৰ অৱস্থাৰ বিষয়ে অনুৰাগীসকলক জনাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেক কয়, “She’s doing fine now. Had a miraculous escape. Om Sai Ram.”

শেহতীয়াকৈ ক্ষতিগ্ৰস্ত গাড়ীখনৰ দৃশ্যও পোহৰলৈ আহিছে।

ভগ্নীৰ পুত্ৰ আৰু আন এগৰাকী মহিলাৰ সৈতে যাত্ৰা কৰি থকা অৱস্থাত নাগপুৰত সংঘটিত হয় এই দুৰ্ঘটনা। তেওঁলোকৰ গাড়ীখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হোৱা বুলি জানিব পৰা গৈছে যদিও সৌভাগ্যক্ৰমে কোনো লোক গুৰুতৰভাৱে আহত হোৱা নাই।

সম্প্ৰতি সোণালী নাগপুৰত আছে, ঘটনাৰ পৰা সুস্থ হৈ উঠিছে। খবৰটো শুনি চনু ছুদ নাগপুৰলৈ ৰাওনা হয় আৰু  পুৱাই তাত উপস্থিত হয়গৈ।