NORTHEAST NOW (Assamese)
Popular Stories

আইআইটি-ৰ কেম্পাছত ঘঁৰিয়ালৰ মুক্ত বিচৰণ! নিৰাপত্তাক লৈ উদ্বিগ্ন শিক্ষাৰ্থী-অভিভাৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 27, 2025 8:44 am

আইআইটি কেম্পাছত এইবাৰ কুম্ভীৰৰ মুক্ত বিচৰণ! আচৰিত যেন লাগিব পাৰে, কিন্তু এই ঘটনা সংঘটিত হৈছে আইআইটি বম্বেত।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা জানিব পৰা মতে, দেওবাৰে নিশা যেতিয়া এটা কুম্ভীৰ হঠাতে কেম্পাছত প্ৰৱেশ কৰে, তেতিয়া বন বিভাগৰ কৰ্মচাৰীয়ে ইয়াক উদ্ধাৰ কৰিবলৈ অসুবিধাৰ সন্মুখীন হয়। স্বাভাৱিকতে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত আতংক বাঢ়িছে। ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কুম্ভীৰৰ গৰ্জনৰ ভিডিঅ

View this post on Instagram

A post shared by Prashant Singh (@pacificsingh.iitb)

জানিব পৰা মতে, শিক্ষানুষ্ঠানখনৰ ওচৰৰ পোৱাই হ্ৰদৰ পৰা অহা ঘঁৰিয়ালটো বিভিন্ন সময়ত কেম্পাছৰ পথত জিৰণি লোৱা দেখা গৈছে। খবৰ অনুসৰি আইআইটিৰ এজন ছাত্ৰই ছচিয়েল মিডিয়াত ভিডিঅটো পোষ্ট কৰাৰ পাছতে দুই লাখৰো অধিক লোকে এই ভিডিঅটো চাইছে।

ভাইৰেল ভিডিঅ দেখি কেৱল সাধাৰণ মানুহেই নহয় আৰক্ষী বিষয়াসকলো স্তম্ভিত হৈ পৰিল।

কিন্তু কুমিৰটোৱে কিয় কেম্পাছত ঘূৰি ফুৰিছে?

ৰাস্কিংক এছচিয়েশ্যন ফৰ ৱাইল্ড লাইফ ৱেলফেয়াৰ (RAWW)ৰ প্ৰতিষ্ঠাপক তথা সভাপতি পৱন শৰ্মাই কয় যে মাইকী ঘঁৰিয়ালটো বাহ সাজিবলৈ আৰু কণী পাৰিবলৈ উপযুক্ত ঠাই বিচাৰি বাহিৰলৈ ওলাই আহিছে।