NORTHEAST NOW (Assamese)
অসম

পি ভি সিন্ধুৰ পাছত এখন ভৰিৰে খেলি সোণৰ পদক অৰ্জনেৰে দেশক গৌৰৱিত কৰিলে এইগৰাকী মহিলা খেলুৱৈয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 28, 2019 6:31 pm
Manashi

বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপত পি ভি সিন্ধুৱে সোণৰ পদক দখল কৰি সমগ্ৰ দেশক গৌৰৱিত কৰাৰ সময়তে পেৰা ৱৰ্ল্ড বেডমিণ্টন চেম্পিয়নশ্বিপত এখন ভৰিৰে খেলি সোণৰ পদক অৰ্জন কৰে আন এগৰাকী ভাৰতীয় শ্বাটলাৰ মানসী যোশীয়ে।

৩০ বছৰীয়া ভাৰতীয় খেলুৱৈ গৰাকীয়ে তিনিবাৰৰ এছ এল ৩ বিশ্ব চেম্পিয়ন পাৰুল পাৰমাৰক ২১-১২, ২১-৭ ছেটৰ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক দখল কৰে।

‘‘মই প্ৰতিদিনে অনুশীলনত কঠোৰ সাধনা আৰু শ্ৰম কৰিছিলো। মই মোৰ ফিটনেছৰ ওপৰত গুৰুত্ব দিছিলো আৰু কিছু ওজন হ্ৰাস কৰাৰ লগতে পেশী গঠনৰ বাবে কষ্ট কৰিছিলো’’ পদক জয় কৰাৰ পাছত নিজৰ সফলতাৰ আৰৰ কাহিনী এনেদৰে ব্যক্ত কৰে মানসীয়ে।

২০১৫ চনৰ পৰা পেৰা বেডমিণ্টনত অংশগ্ৰহণ কৰি থকা মানসীৰ বাবে সোণৰ পদক অৰ্জন কৰাটো এটা সপোন আছিল বুলি কয় খেলুৱৈগৰাকীয়ে।

অসমৰ বিত্ত মন্ত্ৰী তথা এছিয়ান বেডমিণ্টন সংন্থাৰ সভাপতি হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে পেৰা বেডমিণ্টন চেম্পিয়নশ্বিপত পদক অৰ্জন কৰা খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰি দেশৰ প্ৰকৃত নায়ক আখ্যা দিয়ে।

উল্লেখযোগ্য যে, ২০১১ চনৰ মানসী যোশীয়ে এটা দুৰ্ঘটনাত এখন ভৰি হেৰুৱাইছিল। এখন ট্ৰাকে খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছিল মানসী।

পৰৱৰ্তী সময়ত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু সুদীৰ্ঘ ১২ ঘণ্টাৰ ইমাৰ্জেঞ্চি চিকিৎসাৰ অন্তত চিকিৎসকে মানসীৰ এখন ভৰি কাটি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

‘‘সেই সময়ত মই ভাবিছিলো মই এখন মাত্ৰ ভৰিহে হেৰুৱাইছো, এটা অংগ নহয়। যদিহে মই দৌৰিব নোৱাৰো ঠিক আছে’’-মানসীয়ে এটা সাক্ষাৎকাৰত এনেদৰে কয়।

দুৰ্ঘটনাৰ পাছত ২০১২ চনৰ পৰা মানসীয়ে খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল আৰু প্ৰচণ্ড মানসিক শক্তিৰ বলত বেডমিণ্টন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল।

পৰৱৰ্তী সময়ত তেওঁ এখন কৃত্ৰিম ভৰি সংস্থাপিত কৰিছিল আৰু ২০১৪ চনত পেৰা এছিয়ান গেমছত অংশলোৱাৰ কথা ভাবে।

তেতিয়াৰে পৰা মানসী যোশীয়ে পাচলৈ উভতি চোৱা নাই আৰু বিভিন্ন প্ৰতিযোগিতাত পদক দখল কৰি অৱশেষত মঙলবাৰে পেৰা বেডমিণ্টন চেম্পিয়নশ্বিপত সোণৰ পদক দখল কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।