NORTHEAST NOW (Assamese)
অসম

এ আই ইউ ডি এফৰ বিধায়কৰ বিৰুদ্ধে দলীয় কৰ্মীক প্ৰহাৰ কৰাৰ অভিযোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 28, 2019 6:01 pm
dc-Cover-p40pqim728drk7l3ljpcupjfh5-20170206133020.Medi

নগাঁৱত আজি অনুষ্ঠিত এ আই ইউ ডি এফৰ এখন সভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সভাত বিধায়ক আমিনুল ইছলামে দলীয় কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

বিধায়ক আমিনুল ইছলামে নিজে বহি থকা চকীৰে দলীয় কৰ্মীক প্ৰহাৰ কৰি মূৰ ফালি দিয়া বুলি বিধায়ক গৰাকীৰ বিৰুদ্ধে দলীয় কৰ্মীয়ে অভিযোগ উত্থাপন কৰিছে।

বিপৰীতে দলীয় কৰ্মীয়েও বিধায়ক আমিনুল ইছলামৰ গাড়ীত আক্ৰমণৰ চেষ্টা চলায়। পিছত আৰক্ষীয়ে লাঠী চালনা কৰাতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

ইফালে বিধায়ক আমিনুল ইছলামে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ অস্বীকাৰ কৰিছে। বিধায়ক আমিনুলে কয় যে একাংশ বিজেপিৰ সমৰ্থকহে সভালৈ আহি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰে।

লগতে তেওঁ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী চকীত গোচৰ ৰুজু কৰিব বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে।

আনহাতে এই আক্ৰমণত আহত কেইজনক ক্ৰমে মোবাৰক আলী, হবিবুৰ ৰহমান, গফুৰ আলী, কুটুবুদ্দিন আৰু মকবুল হুছেইন বুলি চিনাক্ত কৰা হৈছে।