NORTHEAST NOW (Assamese)
Popular Stories

কৰ্কট ৰোগৰ পৰা আৰম্ভ কৰি ডায়েবেটিছলৈকে… বহু ঔষধৰ দাম বৃদ্ধিত চিন্তিত জনসাধাৰণক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 27, 2025 9:40 am

সাধাৰণ জনতাৰ চিন্তা বাঢ়িছে। কাৰণ কেন্সাৰৰ পৰা আৰম্ভ কৰি ডায়েবেটিছ আৰু হৃদৰোগলৈকে কেইবাটাও গুৰুত্বপূৰ্ণ ঔষধৰ দাম পুনৰ বৃদ্ধি পাইছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি অহা কেইসপ্তাহমানৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে নিয়ন্ত্ৰিত বহু ঔষধৰ মূল্য বৃদ্ধি পাব।

অল ইণ্ডিয়া অৰ্গেনাইজেচন অৱ কেমিষ্ট এণ্ড ড্ৰাগজিষ্টৰ সাধাৰণ সম্পাদক ৰাজীৱ সিংঘালে ইতিমধ্যে এই ঔষধৰ দাম কমেও ১.৭ শতাংশ বৃদ্ধি হব পাৰে বুলি উল্লেখ কৰিছে। তেওঁ কয় যে ঔষধৰ কেঁচামালৰ দাম বৃদ্ধি পোৱাৰ লগে লগে সামঞ্জস্য বজাই ৰাখিবলৈ ঔষধৰ দাম বৃদ্ধি কৰা হৈছে।

কিন্তু দাম ঠিক কেতিয়া বৃদ্ধি পাব?

ৰাজীৱৰ মতে, এতিয়াও বজাৰত এই ঔষধৰ বহু মজুত আছে। গতিকে দাম শেষ নোহোৱালৈকে বৃদ্ধি নহয়। অৱশ্যে অহা ৩ মাহৰ ভিতৰত এই ঔষধ বজাৰত নতুন দামত উপলব্ধ হব।

কেইমাহমানৰ আগতে হাঁপানী, টিবি, গ্লমা, মানসিক ৰোগ, থেলাছেমিয়াৰ ঔষধৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই (এন পি পি এ) এক অধিসূচনা জাৰি কৰি তেওঁলোকে কিয় মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে সেই বিষয়ে ব্যাখ্যা কৰে। এই ঔষধ প্ৰস্তুত কৰিবলৈ প্ৰয়োজনীয় কেঁচামালৰ দাম বৃদ্ধি হোৱা বুলি জানিবলৈ দিয়ে। গতিকে তেওঁলোকে এই সিদ্ধান্ত লব লগা হল।

যোৱা বছৰৰ মে মাহত কেন্দ্রীয় চৰকাৰেও নিয়মীয়াকৈ ব্যৱহাৰ হোৱা ৪১টা সাধাৰণ ঔষধৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছিল৷ ডায়েবেটিছ, হৃদৰোগ, যকৃতৰ ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধৰ দাম হ্ৰাস পাইছে। কিন্তু বছৰটো পাৰ হৈ যোৱাৰ লগে লগে ঔষধৰ দাম বৃদ্ধিৰ বাবে পুনৰ চিন্তিত হৈ পৰিছে জনসাধাৰণ।

কিন্তু ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষইও এই পৰিস্থিতিৰ বাবে ঔষধ কোম্পানীক জগৰীয়া কৰিছে। কাৰণ বহু ক্ষেত্ৰত কোম্পানীয়ে ঔষধৰ দাম সম্পৰ্কে নিৰ্দিষ্ট নিয়ম উলংঘা কৰিছে।