NORTHEAST NOW (Assamese)
অসম

তিনি মাহৰ অন্তত আলফা(স্বা)-এ মুকলি কৰি দিলে অপহৃত ব্যৱসায়ী বাহাদুৰ চেত্ৰীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 27, 2025 7:19 pm

আলফা(স্বা)-এ মুকলি কৰি দিলে ব্যৱসায়ী বাহাদুৰ চেত্ৰীক। প্ৰায় তিনিমাহৰ পিছত নিষিদ্ধঘোষিত সংগঠনটোৱে বৃহস্পতিবাৰে ব্যৱসায়ীগৰাকীক মুকলি কৰি দিয়ে।

জানিব পৰা মতে, ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপত অপহৃত ব্যৱসায়ী গৰাকীক মুকলি কৰি দিয়া হয়।

উল্লেখ্য যে জাগুনৰ দহ মাইল অঞ্চলৰ পৰা তেওঁক অপহৰণ কৰিছিল সংগঠনটোৱে।

খবৰ অনুসৰি, জাগুনত থকা শিল কুঁৱেৰীৰ স্বত্বাধিকাৰী ছেত্ৰীক নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা(স্বা)-ৰ ৭ জনীয়া অস্ত্ৰধাৰী যুৱকৰ এটা দলে ২০২৪ চনৰ ১৮ ডিচেম্বৰত জাগুনৰ এটা মিলৰ পৰা অপহৰণ কৰিছিল।

উল্লেখ্য যে বাহাদুৰ চেত্ৰীক সংগঠনটোৱে কি কাৰণে অপহৰণ কৰিছিল আৰু কিয় মুকলি কৰি দিলে সেই সম্পৰ্কে এতিয়াও স্পষ্ট তথ্য পোহৰলৈ অহা নাই। অৱশ্যে বাহাদুৰ চেত্ৰীৰ পৰা অসম আৰক্ষীয়ে মন্তব্য লিপিৱদ্ধ কৰি ঘটনাৰ বিষয়ে তদন্ত চলাব।