NORTHEAST NOW (Assamese)
অসম

আন্তৰ্জাতিকভাৱে সমাদৃত এই চিনেমাখন কিয় নিষিদ্ধ কৰা হ’ল ভাৰতত?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 28, 2025 7:32 am

যোৱা বছৰৰ কান চলচ্চিত্ৰ মহোৎসৱত সন্ধ্যা সূৰী পৰিচালিত ছবি ‘সন্তোষ’ প্ৰিমিয়াৰৰ পিছত বহুলভাৱে প্ৰশংসিত হৈছিল। ৯৮ মিনিটৰ এই ক্ৰাইম-ড্ৰামা ছবিখন ব্ৰিটেইন, ভাৰত, জাৰ্মানী আৰু ফ্ৰান্সৰ যৌথ প্ৰযোজনাত নিৰ্মিত হৈছে। পিছত ছবিখনে যুক্তৰাজ্যৰ পৰা অস্কাৰ বঁটাৰ বাবে মনোনীত হয়।

কিন্তু আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰশংসিত ছবিখন ভাৰতত মুক্তি পোৱা নাই। ভাৰতীয় চেন্ট্ৰেল ব’ৰ্ড অৱ চাৰ্টিফিকেশ্যন অৱ ইণ্ডিয়াই ছবিখনৰ মুক্তিত নিষেধাজ্ঞা আৰোপ কৰিছে কাৰণ ইয়াত আৰক্ষীৰ বৰ্বৰতা দেখুওৱা হৈছে।

ব্ৰিটিছ প্ৰযোজক সন্ধ্যা সূৰীয়ে ভাৰতত ছবিখন মুক্তিৰ বাবে আবেদন কৰিছিল। কিন্তু দেশৰ চেন্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যনে ছবিখনক ক্লিয়াৰেন্স দিবলৈ অস্বীকাৰ কৰে। কাৰণ, ‘সন্তোষ’ত ভাৰতীয় আৰক্ষীক পৰ্দাত নেতিবাচকভাৱে চিত্ৰিত কৰা হৈছে। গাৰ্ডিয়ানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সূৰীয়ে মন্তব্য কৰে যে এনে সিদ্ধান্তই তেওঁৰ হৃদয় ভাঙি পেলাইছে।

উত্তৰ ভাৰতৰ এগৰাকী মহিলাই মৃত স্বামীৰ ঠাইত আৰক্ষীৰ চাকৰি লাভ কৰে। সন্তোষ নামৰ এগৰাকী মহিলাই কামত যোগদান কৰাৰ পিছত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহক কেন্দ্ৰ কৰিয়েই ছবিখনৰ কাহিনী আৱৰ্তিত হৈছে।

ছবিখনৰ ৰাজনৈতিক প্ৰেক্ষাপট আৰু জাতপাতক লৈ প্ৰশ্ন কৰাকে ধৰি কেইবাটাও বিষয়ে সন্ধ্যা সূৰী পৰিচালিত ছবিখনে ক্লিয়াৰেন্স লাভ কৰাত বাধাৰ সৃষ্টি কৰিছে।

এই বিষয়ত মাত মাতিছে ছবিখনৰ মুখ্য অভিনেত্ৰী ছাহানা গোস্বামীয়ে। তেওঁ কয় যে ছবিখন মুক্তিৰ বাবে চেন্সৰ ব’ৰ্ডে নিৰ্ধাৰণ কৰা চৰ্তসমূহৰ সৈতে ছবিখনত থকা আমাৰ সকলোৱে একমত হ’ব পৰা নাছিলো। কাৰণ ই ছবিখনক বহুত সলনি কৰিব।’ সেয়ে এই ছবিখন দেশৰ চিনেমাগৃহত আচলতে মুক্তি পাব নে নাই সেই সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছে ছাহানাই।

ছাহানাই কয় যে ছবিখনৰ চিত্ৰনাট্য লিখাৰ পিছতে চেন্সৰ ব’ৰ্ডে অনুমোদন জনাইছিল। তেনেকৈয়ে ছবিখনৰ শ্বুটিং হৈছিল। অভিনেত্ৰীগৰাকীৰ ভাষাত, “চেন্সৰ ব’ৰ্ডে অনুমোদন জনোৱা চিত্ৰনাট্য অনুসৰি ছবিখন নিৰ্মাণ কৰাৰ সময়ত তেওঁলোকে এতিয়া কিয় ছবিখনত চেন্সৰ চলাবলৈ চেষ্টা কৰিছে সেয়া মোৰ বাবে বোধগম্য নহয়!”

এইখন সন্ধ্যা সূৰীৰ প্ৰথমখন চিনেমা। ছবিখনৰ অধিকাংশ দৃশ্যগ্ৰহণ ভাৰতৰ লক্ষ্ণৌত কৰা হৈছিল।