NORTHEAST NOW (Assamese)
অসম

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানত শ্বহীদ চাৰিজন আৰক্ষী জোৱান; নিহত ৩ জন উগ্ৰপন্থী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 28, 2025 11:18 am

পুনৰ উত্তপ্ত হৈ পৰিছে কাশ্মীৰ উপত্যকা। বাতৰি অনুসৰি দেওবাৰৰ পৰা জম্মু-কাশ্মীৰৰ কথুৱা জিলাত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলি আছে। অভিযানৰ মাজতে সংঘটিত হৈছে সংঘৰ্ষ।

শেহতীয়া খবৰ অনুসৰি এই সংঘৰ্ষত চাৰিজন আৰক্ষী জোৱানে প্ৰাণ হেৰুৱাইছে। লগতে ৩ জন উগ্ৰপন্থী নিহত হোৱাৰ খবৰ পোৱা গৈছে। সূত্ৰ অনুসৰি এই সংঘৰ্ষত ডি এছ পি ৰেংকৰ এজন আৰক্ষী বিষয়াকে ধৰি কমেও ৭ জন আৰক্ষী জোৱান আহত হয়। তেওঁলোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে দেওবাৰৰ পৰা কথুৱাত উগ্ৰপন্থীৰ সৈতে নিৰাপত্তা বাহিনীৰ সংঘৰ্ষত লিপ্ত হৈছে। উগ্ৰপন্থীক দমন কৰিবলৈ যোৱা ৫ দিন ধৰি অঞ্চলটোত সেনা, ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী, সীমান্ত সুৰক্ষা বাহিনী, আৰক্ষী, বিশেষ অভিযান গোট আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দল সক্ৰিয় হৈ আছে।

এই অভিযানৰ নেতৃত্বত আছে জম্মু-কাশ্মীৰ আৰক্ষীৰ ডিজি নলিন প্ৰভাত। উগ্ৰপন্থী কেইজনৰ মৃত্যুৰ কথা তেওঁ নিশ্চিত কৰে।

বৃহস্পতিবাৰে এই অভিযানৰ সময়ত আৰক্ষীয়ে জংঘলৰ গভীৰতালৈ সোমাই যোৱাৰ ফলত সংঘৰ্ষ তীব্ৰতৰ হৈ পৰে। সূত্ৰ অনুসৰি প্ৰতিকূল পৰিস্থিতি আৰু গভীৰ জংঘলত উগ্ৰপন্থীৰ উপস্থিতিৰ বাবে এতিয়ালৈকে নিহত আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ সম্ভৱ হোৱা নাই।