NORTHEAST NOW (Assamese)
অসম

অসম- নগালেণ্ড সীমান্তত অৱস্থিত বৰছিলা চাহ বাগিচাত দুৰ্বৃত্তৰ অগ্নিসংযোগ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ March 5, 2022 7:12 pm

শিৱসাগৰ জিলাৰ আমগুৰিৰ অসম- নগালেণ্ড সীমান্তৱৰ্তী অঞ্চল নামতি বৰছিলা চাহ বাগিচাৰ কাষতে থকা বহুকেইজন লোকৰ ব্যক্তিগত চাহবাগিচাত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আমগুৰিৰ বৰছিলা চাহবাগিচাত প্ৰায় ১০ বিঘা চাহ খেতি জ্বলাই দুৰ্বৃত্তই জ্বলাই দিয়ে।

এই অগ্নিকাণ্ডত কেইবাটাও জিৰণী ঘৰ পুৰি ছাই হৈ যায়।

বৰছিলা বাগিচাৰ নামতি গ্ৰান্ট অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

দুৰ্জু তাঁতী, স্বপ্না প্ৰজা, সঞ্জীত তাঁতী, ৰঞ্জিত তাঁতী,সন্তোষ নায়কৰ চাহ বাগিচাত দুৰ্বৃত্তই অগ্নিসংযোগ কৰা বুলি জানিব পৰা গৈছে।ইতিমধ্যে ভূক্তভোগী লোকসকলে এই সংক্ৰান্তত স্থানীয় হালোৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

পূৰ্বেও এই স্থানত কোনো অচিনাক্ত দুৰ্বৃত্তই বাগিচাৰ চাহ গছ কাটি তহিলং কৰিছিল।স্থানীয় সচেতন মহলে এনে ঘটনাসমূহৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ।