NORTHEAST NOW (Assamese)
দেশ

মোদী চৰকাৰে বেংকসমূহক জনসাধাৰণৰ ধন লুটতপাত কৰাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছেঃ তীব্ৰ সমালোচনা কংগ্ৰেছৰ   

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 29, 2025 3:06 pm

ভাৰতীয় ৰিজাৰ্ভ বেংকে এটিএমৰ পৰা ধন উলিওৱাৰ বাবদ পৰিশোধ কৰিবলগীয়া কৰ বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ পিছতে মোদী চৰকাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে  বিৰোধীশিবিৰ। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কেন্দ্ৰ চৰকাৰে বিভিন্ন পন্থা অৱলম্বন কৰি নাগৰিকক লুটপাত কৰিবলৈ বেংকক ধন সংগ্ৰহকাৰী এজেণ্টলৈ ৰূপান্তৰিত কৰাৰ অভিযোগ উত্থাপন কৰে।

খৰ্গে আলোকপাত কৰে যে ২০১৮ চনৰ পৰা ২০২৪ চনৰ ভিতৰত নূন্যতম জমা ৰাশি একাউণ্টত জমা নৰখাৰ বাবে মোদী চৰকাৰে সঞ্চয় আৰু জন ধন একাউণ্টৰ পৰা কমেও ৪৩,৫০০ কোটি টকা সংগ্ৰহ কৰিছে। ইয়াৰ উপৰিও প্ৰতি বছৰে ১০০-২০০ টকা নিষ্ক্ৰিয়তা মাচুল, ৫০-১০০ টকাৰ বেংক ষ্টেটমেণ্ট প্ৰদানৰ বাবে মাচুল, আৰু ২০-২০০ টকা এছএমএছ বা সতৰ্কবাণীৰ বাবে, ১ৰ পৰা ৩ শতাংশ ঋণ প্ৰক্ৰিয়াৰ মাচুল, বন্ধ কৰাৰ পূৰ্বে জৰিমনা আৰু স্বাক্ষৰ পৰিৱৰ্তনৰ দৰে কেৱাইচি আপডেটৰ চাৰ্জো গ্ৰাহকৰ ওপৰত জাপি দি গ্ৰাহকক লুটপাত কৰা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

এই দৰে সংগ্ৰহ কৰা ৰাজহ সম্পৰ্কে সংসদক তথ্য প্ৰদান কৰা পৰা বিৰত থকা বুলি অভিযোগ কৰে বিৰোধীয়ে। এই বিত্তীয় নীতিসমূহক জনসাধাৰণৰ পৰা  বিজেপিৰ ধন দাবী কৰাৰ অহিলা বুলি অভিহিত কৰে বিৰোধীয়ে। শেহতীয়াকৈ  আৰ বি আইয়ে ঘোষণা কৰা অনুসৰি বেংকসমূহে বাধ্যতামূলক বিনামূলীয়া লেনদেনৰ বাহিৰেও এটিএম উলিওৱাৰ চাৰ্জ ২ টকা বৃদ্ধি কৰিব পাৰে, যাৰ ফলত ১ মে’ৰ পৰা প্ৰতিটো লেনদেনত মাচুল ২৩ টকালৈ বৃদ্ধি পাব পাৰে।

উল্লেখ্য যে গ্ৰাহকে বেংকৰ পৰা প্ৰতিমাহে ৫টা বিনামূলীয়া এটিএম লেনদেন আৰু আন বেংকৰ পৰা সীমিত সংখ্যক বিনামূলীয়া লেনদেন লাভ কৰে যিটো মেট্ৰএলেকাত তিনিটা আৰু মেট্ৰ, নন-মেট্ৰএলেকাত পাঁচটা।