NORTHEAST NOW (Assamese)
অসম

মালু গাঁৱক কয়লাৰ আৱৰ্জনা স্থলীত পৰিণত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ গাঁওবাসীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 29, 2025 9:25 pm

মালু গাঁৱত শ শ তাংচা সম্প্ৰদায়ৰ লোকে নিজ গাঁৱত কয়লাৰ আৱৰ্জনা পেলোৱাক লৈ ক্ষুব্ধ হৈ পৰিছে। নৰ্থইষ্টাৰ্ণ ক’লফিল্ডছ ক’ল ইণ্ডিয়া লিমিটেডে (NEC CIL)  মালু গাঁৱত কয়লাৰ আৱৰ্জনা পেলোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে তাংচা সম্প্ৰদায়ৰ লোকসকলে। এই ঘটনাই টিকাক ক’লিয়াৰীত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে।

তেওঁলোকৰ মতে, এই এই কাৰ্যই তেওঁলোকৰ পুৰণি মাটিক আৱৰ্জনা স্থলীত ৰূপান্তৰিত কৰিছে। প্ৰতিবাদকাৰীসলকলে ৰাতিপুৱাৰ পৰা প্লাকাৰ্ড হাতত লৈ, শ্লোগান দি এই কাম বন্ধ কৰাৰ দাবী জনাইছে।

অল আছাম তাংচা ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি নয়ুং মোছাঙে NEC CILৰ এই কাৰ্যৰ বিৰোধিতা কৰি কয় যে তেওঁলোকৰ এই ঐতিহাসিক গাঁওখনক আৱৰ্জনা স্থলী কৰাটো দুৰ্ভাগ্যজনক। তেওঁলোকে শেষলৈকে এই কাৰ্যৰ বিৰোধিতা কৰিযাব বুলি সকীয়াই দিছে।

প্ৰতিবাদকাৰীসকলে এই কয়লাৰ আৱৰ্জনা পেলোৱাৰ ফলত তেওঁলোকৰ মাটি, পৰিৱেশ আৰু স্বাস্থ্যৰ ক্ষতি হ বুলি যুক্তি দৰ্শাইছে কিন্তু NEC CIL মাৰ্ঘেৰিটাৰ কৰ্তৃপক্ষই পৰিকল্পনা অনুসৰি ডাম্পিং অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।