NORTHEAST NOW (Assamese)
অসম

সংকটত ডিব্ৰু-ছৈখোৱাঃ OILৰ গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ স্থাপনৰ বিৰোধিতা প্ৰকৃতি প্ৰেমীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 29, 2025 8:44 pm

অসমৰ পৰিৱেশবিদ অপূৰ্ব বল্লভ গোস্বামীয়ে অইল ইণ্ডিয়া লিমিটেড (Oil India Limited)ক ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সংবেদনশীল এলাকাত গৱেষণা তথা উন্নয়ন (R&D) কেন্দ্ৰ স্থাপন কৰাৰ অনুমতি প্ৰত্যাহাৰ কৰা বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে।  

উল্লেখযোগ্য যে ১৯৯৭ চনত জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত ৭৬৫ বৰ্গ কিলোমিটাৰত বিস্তৃত, ইয়াৰ মূল এলেকা ৩৪০ বৰ্গ কিলোমিটাৰ। বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত এই উদ্যানখন বগা পাখি থকা কাঠ হাঁহ, গংগছ ডলফিন আৰু বেংগল ফ্লৰিকান আদি বিপন্ন প্ৰজাতিৰ প্ৰাণীৰ বাবেও জনাজাত

২৭ মাৰ্চত, গোলাঘাটৰ পৰিৱেশবিদ আপূৰ্ব বল্লভ গোস্বামীয়ে উদ্যানখনৰ পৰিৱেশ তন্ত্ৰক সুৰক্ষিত কৰাৰ বাবে পৰিৱেশ মন্ত্ৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰি এই অনুমতিৰ বিৰোধিতা কৰিছে। তেওঁ উল্লেখ কৰে যে ২০২০ চনৰ বাঘজান কুৱা বিস্ফোৰণত উদ্যানখনৰ ৪১% উদ্ভিদ ধ্বংস প্ৰাপ্ত হয়, জলাশয়ৰ ক্লফিলৰ মাত্ৰা ২৫% বৃদ্ধি পায় আৰু উদ্যানখনৰ জৈৱ বৈচিত্ৰৰ ব্যাপক ক্ষতিসাধন হৈছিল।  

২০০৬ আৰু ২০২৩ চনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত ২০২৪  চনত ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ আশে-পাশে বাণিজ্যিক খননৰ প্ৰস্তাৱ বাতিল কৰা হৈছিল কিন্তু কিন্তু কেন্দ্ৰই এই নিষেদ্ধাজ্ঞাক অমান্য কৰি ২০২৫ চনত OIL R&D স্থাপনৰ  অনুমোদন দিয়া হৈছে। তেওঁ এই সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে