NORTHEAST NOW (Assamese)
Popular Stories

মুকলি আকাশৰ তললৈ আহি অশ্ৰুসিক্ত নয়নেৰে সকলোকে কৃতজ্ঞতা দিলোৱাৰ হুছেইনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 29, 2025 8:13 pm
মুকলি আকাশৰ তললৈ আহি অশ্ৰুসিক্ত নয়নেৰে সকলোকে কৃতজ্ঞতা দিলোৱাৰ হুছেইনৰ

মুকলি আকাশৰ তললৈ আহি সংবাদমাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰে। হুছেইনে কয় ‘মোৰ কাৰণে ঠিয় দিয়া অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিগৰাকী সাংবাদিক, প্ৰতিগৰাকী নাগৰিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ হৈ যিসকলে সমৰ্থন কৰিছে, মোক শক্তি দিছে সকলোকে ধন্যবাদ। অধিবক্তাসকলে মোৰ পৰা কোনো পইচা নোলোৱাকৈ এই আইনী যুঁজখন চলাই গৈছে। তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।’

উল্লেখ্য যে, সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ আদাতলৰ।

২০ হাজাৰ টকাৰ বণ্ডত দিলোৱাৰ হুছেইন মজুমদাৰক জামিন প্ৰদান কৰিছিল আদালতে

কালি নিশাটো ন্যায়িক জিম্মাতে আছিল সাংবাদিকগৰাকী।