NORTHEAST NOW (Assamese)
জীৱনশৈলী

গুটখা খোৱাৰ অপকাৰিতা আৰু গুটখা ত্যাগ কৰাৰ উপায়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 1, 2025 7:09 am

গুটখা এবিধ পান-মছলাৰ সংমিশ্ৰণ, য’ত সাধাৰণতে তামোল, সুপাৰি, চূণ, আৰু বিভিন্ন ৰাসায়নিক পদাৰ্থ থাকে। ইয়াক মুখৰে চোবাই খোৱা হয় আৰু ইয়াৰ নিকোটিনৰ পৰিমাণৰ থকাৰ বাবে ই অভ্যাসত পৰিণত হয়। কিন্তু গুটখাৰ কোনো স্বাস্থ্য উপকাৰিতা নাই। সেয়ে ইয়াৰ পৰা হ’ব পৰা সমস্যা সমূহৰ বিষয়ে বুজি লৈ ইয়াক ত্যাগ কৰাই শ্ৰেয়।

গুটখা খোৱাৰ অপকাৰিতা

১. গুটখাত থকা তামোল, চুপাৰি আৰু ৰাসায়নিক পদাৰ্থই মুখৰ কৰ্কট ৰোগৰ সম্ভাৱনা বঢ়ায়।

২. গুটখাই দাঁত হালধীয়া হোৱা, মুখৰ ঘাঁ আাদিৰ সমস্যাৰ সৃষ্টি কৰে।

৩. পেটৰ আলচাৰ, গেছ, আৰু হজমৰ সমস্যা হ’ব পাৰে।

৪. গুটখাত থকা নিকোটিনে হৃদৰোগৰ সৃষ্টি কৰিব পাৰে।

৫. গুটখাৰ ওপৰত নিৰ্ভৰশীলতাই মানসিক অশান্তিৰ সৃষ্টি কৰে।

গুটখা ত্যাগ কৰাৰ উপায়

১. মনত প্ৰতিজ্ঞা লওক যে গুটখা এৰিবই লাগিব।

২. এদিনতে এৰাৰ পৰিৱৰ্তে পৰিমাণ কমাই কমাই এৰক।

৩. গুটখাৰ সলনি চুইংগাম, তুলসী পাত, আদা, লং আদি খোৱাৰ অভ্যাস কৰক।

৪. পৰিয়াল আৰু বন্ধুৰ পৰা মানসিক সহাঁৰি বিচাৰক।

৫. প্ৰয়োজন হলে ডাক্তৰৰ সৈতে পৰামৰ্শ কৰক বা নিকোটিন থেৰাপী লওক।

৬. কাম, খেলা-ধূলা আদি কামত মন দিয়ক যাতে গুটখা খাবলৈ মন যোৱাৰ পৰা বিৰত থাকিব পাৰে।