NORTHEAST NOW (Assamese)
অসম

ৰাজস্থানৰ ৰাসায়নিক কাৰখানাত গেছ লিক; কাৰখানাৰ মালিকৰ মৃত্যু, গুৰুতৰভাৱে অসুস্থ ৪০ জন

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 1, 2025 12:23 pm

ৰাজস্থানৰ এটা ৰাসায়নিক কাৰখানাত নাইট্ৰজেন গেছ নিৰ্গত হোৱাৰ ফলত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।

মঙলবাৰে পুৱা গেছ ভৰ্তি টেংকাৰৰ পৰা নাইট্ৰজেন লিক হোৱাৰ ফলত কাৰখানাৰ মালিকৰ মৃত্যু হয়। মৃত কাৰখানাৰ মালিকৰ নাম সুনীল সিংঘল বুলি জানিব পৰা গৈছে।

আনহাতে, এই ঘটনাত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে ৪০ জন লোক। তেওঁলোকৰ  তীব্ৰ শ্বাসকষ্ট আৰম্ভ হৈছে।

সূত্ৰ অনুসৰি, ভৰ্তি টেংকাৰৰ পৰা নাইট্ৰজেন গেছ নিৰ্গত হৈ থকাৰ সময়তে গেছ লিক হৈ দ্ৰুতগতিত বিয়পি পৰে। ৰাজস্থানৰ আজমেৰৰ বেৱাৰত সংঘটিত হৈছে এই দুৰ্ঘটনা।

জানিব পৰা মতে, বালাড ৰোডৰ ৰাসায়নিক কাৰখানাটোৰ শ্ৰমিকসকলে গেছ ভৰ্তি টেংকাৰৰ পৰা নাইট্ৰজেন গেছ উলিয়াই আছিল। হঠাৎ গেছ লিক হ’বলৈ ধৰে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আজমেৰ জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াই বালাড পথত উপস্থিত হয়। দুৰ্যোগ সঁহাৰি দলৰ কৰ্মী প্ৰেৰণ কৰা হৈছে।

অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াও দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে। আশংকা কৰা হৈছে যে অসুস্থ লোকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।