NORTHEAST NOW (Assamese)
Popular Stories

ঘৰুৱা খেলপথাৰতে বেংগালুৰুৰ পৰাজয়! চিৰাজ-বাটলাৰৰ প্ৰদৰ্শনত ব্যৰ্থ পাটিদাৰবাহিনী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 3, 2025 8:00 am

ঘৰুৱা খেলপথাৰতে পৰাস্ত হয় ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু। পূৰ্বৰ দুখন মেচত জয়লাভ কৰি আইপিএল লীগ তালিকাৰ শীৰ্ষত আছিল। কিন্তু দলটোৱে ঘৰুৱা খেলপথাৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে পৰাস্ত হবলগীয়া হয়। বেংগালুৰুৱে প্ৰথমে বেটিং কৰি ১৬৯ ৰান সংগ্ৰহ কৰে যদিও গুজৰাটে ৮ উইকেটত জয়লাভ কৰে।

ফৰ্মত থকা জোছ বাটলাৰ (৭৩ নট আউট) দুৰ্দান্ত ইনিংছৰে জয় প্ৰদান কৰে। ইংলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে শেষলৈকে নিজৰ দলৰ জয়ৰ সৈতে খেলপথাৰ এৰি থৈ যায়। লক্ষ্য অনুসৰণ কৰি শুবমান গিল (১৪) আৰু ছাই সুদৰ্শনে ৪৯ ৰান সংগ্ৰহ কৰে।

ইফালে ভুৱনেশ্বৰ কুমাৰে শুমনক আউট কৰে। সুদৰ্শনে বাটলাৰৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলি তেওঁলোকে ৭৫ ৰানৰ অংশীদাৰিত্ব স্থাপন কৰে। অৱশ্যে শেষলৈকে থাকিব নোৱাৰিলে সুদৰ্শন।তাৰ পাছত শ্বাৰফেন ৰাদাৰফোৰ্ড (৩০ নট আউট) আৰু বাটলাৰএকেলগে মেচখন সমাপ্ত কৰে।