NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ কান্ধুলিমাৰীত হত্যাকাণ্ড : ককায়েকৰ হাতত প্ৰাণ গ’ল পৰেশ ওৰাঙৰ

Posted by: উত্তম শইকীয়া May 30, 2018 10:36 pm
Murder

বোকাখাতৰ কান্ধুলিমাৰী গাওঁত বুধবাৰৰ পুৱা স্থানীয় লোকে পানীৰ যুঁৱলিত এটা মৃতদেহ প্ৰতক্ষ কৰি বোকাখাত আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী গৈ পোৱাৰ পিছত মৃতদেহটো গাঁৱৰে পৰেশ ওৰঙৰ বুলি চিনাক্ত কৰা হয় ৷

মৃতদেহৰ মুৰ আৰু শৰীৰৰ বিভিন্ন স্থানত থকা আঘাতৰ চিনৰ বাবে আৰক্ষীয়ে এইয়া এক হত্যাকাণ্ড হ’ব পাৰে বুলি সন্দেহ কৰি তদন্ত আৰম্ভ কৰিছে ৷

আৰক্ষীৰ অনুসন্ধান আৰু স্থানীয় লোকৰ ভাষ্য অনুসৰি নিজৰ ককায়েক বগাই ওৰাঙৰ সৈতে হোৱা কাজিয়াত বগাই ওৰাঙেই পৰেশ ওৰাঙক হত্যা কৰাৰ কথা পোহৰলৈ আহে ৷

মাটি-বাৰী সম্পৰ্কতেই দুয়োজনৰে মাজত বিবাদৰ সুত্ৰপাত হয় ৷ মঙলবাৰৰ নিশাও বগাই ওৰাং আৰু পৰেশ ওৰাঙৰ মাজত কজিয়া হোৱা বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে।

নিশা হোৱা কাজিয়াতেই পৰেশ ওৰাঙৰ মৃত্যু হয় আৰু বগাই ওৰাঙে মৃতদেহটো পানীৰ যুঁৱলিত পেলায় থয় বুলি সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে এটা গোচৰ ৰজু কৰি বগাই ওৰাং আৰু তেওঁৰ পুত্ৰ মনজিত ওৰাঙক আটক কৰিছে ৷