NORTHEAST NOW (Assamese)
Popular Stories

Lovlina Borgohain: সম্বৰ্দ্ধনা, অভ্যৰ্থনা আদিয়ে মনোযোগ ব্যাহত কৰিছিল; সাংবাদিকৰ আগত লাভলিনাৰ স্বীকাৰোক্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 12, 2022 11:20 am

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে দেশলৈ সন্মান কঢ়িয়াই অনাৰ পিছত বিভিন্ন অনুষ্ঠান আৰু অভ্যৰ্থনাত অংশ গ্ৰহণ কৰি তেওঁৰ অনুশীলন তথা মনোযোগ বাধাগ্ৰস্ত হৈছে। ভাৰতীয় মহিলা বক্সাৰ অসম গৌৰৱ লাভলিনা বৰগোহাঁইয়ে এইদৰে কয়।

ইয়াৰ বাবেই তেওঁ যোৱা মাহত বিশ্ব চেম্পিয়নশ্বিপত মানসিকভাৱে শক্তিশালী হৈ নামিব পৰা নাছিল বুলিও আক্ষেপ কৰে অলিম্পিক পদকজয়ী অসমৰ মহিলা বক্সাৰগৰাকীয়ে।

টকিঅ’ অলিম্পিকৰ পিছত  লাভলিনাই বিশ্ব চেম্পিয়নশ্বিপত অৱতীৰ্ণ হৈছিল য’ত তেওঁ ৭০ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত বিদায় লৈছিল।

লগতে পঢ়ক: চেম্পিয়ন ৰিটাৰ্ণছ! পুনৰ স্বৰ্ণৰে উজলিল হিমা দাস; অসম সন্তান অম্লান বৰগোহাঁইৰো স্বৰ্ণ জয়

তেওঁ শনিবাৰে সাংবাদিকৰ আগত কয়, “টকিঅ’ অলিম্পিকৰ পিছত মোক লৈ প্ৰত্যাশা বহুত বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে বহুতো সম্বৰ্দ্ধনা আৰু আমন্ত্ৰণ গ্ৰহণ কৰিব লগা হৈছিল। তেওঁলোকক না বুলিও ক’ব নোৱাৰি। তেনে কৰিলে বহুতেই ভাবিব পাৰে যে মই অহংকাৰী হৈ পৰিছো। ফলস্বৰূপে দীৰ্ঘদিন ধৰি কোনো অনুশীলন নাছিল। ই মোক ক্ষতি কৰিছে।‘’

উল্লেখ্য যে বিশ্ব চেম্পিয়ন নিখাত জাৰিন আৰু অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলিনাক কমনৱেলথ গেমছৰ বক্সিংত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হৈছে।

লগতে পঢ়ক: Prathyusha Garimella: ফেশ্বন ডিজাইনাৰ প্ৰত্যুষা গাৰিমেল্লাৰ ৰহস্যজনক মৃত্যু! হতাশাত ভুগি থকাৰ দাবী ঘনিষ্ঠৰ

ইপিনে, নীতু সিং (৪৮ কিলোগ্ৰাম) আৰু জেচমিন লাম্বোৰিয়াইও (৬০ কিলোগ্ৰাম) অহা মাহত বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে।