NORTHEAST NOW (Assamese)
অসম

আশাৰ খবৰ! ৰেডিয়েচন-কেমোথেৰাপিৰ দিন শেষ; কেন্সাৰ দূৰ কৰিবলৈ আহি আছে নতুন ঔষধ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 3, 2025 8:47 pm

কেন্সাৰ এতিয়াও সকলোৰে বাবে আতংকৰ কাৰণ। বহুতে যুগ যুগ ধৰি ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আহিছে। কিন্তু সহজে ইয়াক প্ৰতিৰোধ কৰিব পৰা নাই।

কেন্সাৰ হৈছে এনে এক ৰোগ যিটো শৰীৰৰ কোনো এটা কোষৰ পৰা শেষ হৈ যায় তাৰ আগতেই কাষৰ আন এটা কোষক নিজৰ দখললৈ লৈ যায়। এইদৰে শৰীৰৰ পৰা কেন্সাৰ নিৰ্মূল কৰাটো অতি কঠিন কাম হিচাপে দেখা দিয়ে। কেন্সাৰ বীজানুৱে পোনপটীয়াকৈ শৰীৰৰ ডি এন এত আক্ৰমণ কৰে।

কিন্তু এইবাৰ সেই দিন চাগে শেষ হ’বলৈ গৈ আছে। ব্ৰেড ৫২ নামৰ এবিধ নতুন ঔষধ প্ৰস্তুত কৰা হৈছে যিয়ে শৰীৰৰ কৰ্কট ৰোগ ধ্বংস কৰিব পাৰে। নেচাৰ আলোচনীত প্ৰকাশিত এক প্ৰতিবেদনৰ পৰা জানিব পৰা গৈছে যে এই ঔষধে বিজ্ঞানীসকলৰ মাজত বহু আশাৰ সঞ্চাৰ কৰিছে। এই নতুন ঔষধ যিকোনো ধৰণৰ মাৰাত্মক কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত অতি ফলপ্ৰসূ বুলি ধাৰণা কৰা হৈছে।

এই নতুন ঔষধে প্ৰত্যক্ষভাৱে কেন্সাৰ কোষক লক্ষ্য কৰি লোৱা বুলি প্ৰমাণিত হৈছে। আনকি এই ঔষধে ৰেডিয়েচন বা কেমোথেৰাপি অবিহনেও নিজাববীয়াকৈ কাম কৰিব পাৰে। কেন্সাৰ ৰোগে শৰীৰৰ ডি এন এৰ ক্ষতি কৰে। এই ঔষধে তাক পোনপটীয়াকৈ মেৰামতি কৰিব।

এই ঔষধ এতিয়াও পৰীক্ষাৰ পৰ্যায়ত আছে। কিন্তু ই সেউজ সংকেত পালে বহু কেন্সাৰ ৰোগী সোনকালে সুস্থ হৈ উঠিব। যিসকলৰ আৰ্থিক অৱস্থা ভাল নহয় তেওঁলোকেও ইয়াৰ পৰা সমাধান বিচাৰি পাব।

এতিয়ালৈকে ৰোগীয়ে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে লাখ লাখ টকা খৰচ কৰিবলগীয়া হয়। কিন্তু এইবাৰ এই ঔষধৰ বাবে কেন্সাৰৰ খৰচ বহু পৰিমাণে হ্ৰাস পাব। আনকি চিকিৎসালয়তো ভৰ্তি নহ’ব পাৰে। এই ৰোগৰ চিকিৎসা আপুনি ঘৰৰ পৰাই কৰিব পাৰে। দৈনন্দিন কাম-কাজৰ মাজতো আপুনি কেন্সাৰক জয় কৰিব পাৰিব।

কেন্সাৰ ৰোগে প্ৰধানকৈ শৰীৰৰ ডি এন এত প্ৰভাৱ পেলায়। এটা ডি এন এ শেষ কৰাৰ পিছত ই পৰৱৰ্তী ডি এন এলৈ আগবাঢ়ি যায়। এই কাৰণেই শৰীৰৰ বিভিন্ন অংশলৈ কৰ্কট ৰোগ দ্ৰুতগতিত বিয়পিব পাৰে। অৱশ্যে এই ঔষধে পোনপটীয়াকৈ ডি এন এ মেৰামতি কৰি তাৰ পৰা কেন্সাৰ আঁতৰাই পেলাব।