NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী প্ৰেছ ক্লাৱত বহুভাষিক সাহিত্য সমাৰোহঃ কবি সন্মিলন, গ্ৰন্থ উন্মোচন, স্মৰণিকা প্ৰকাশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 6, 2025 6:22 pm

বহুভাষিক সাহিত্য মঞ্চ, মেঘালয়ৰ প্ৰথম বাৰ্ষিক অধিৱেশন উপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় কবি সন্মিলন, গ্ৰন্থ উন্মোচন আৰু সাহিত্য সমাৰোহ। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত আড়ম্বৰপূৰ্ণ কাৰ্যসূচীত কবি চিত্তৰঞ্জন লিগিৰাৰ কাব্য সংকলন ‘প্ৰেৰণাৰ সুবাস’ উন্মোচন কৰে সাহিত্যিক জ্যোতিষ কুমাৰ শৰ্মাই।

আনহাতে, লেখিকা ইছমৎ আৰা বেগমৰ ‘পাহি’  আৰু কবি ৰমিজ আলীৰ ‘একুৱাৰিয়ামত জীৱন’ শীৰ্ষক কবিতাৰ সংকলন উন্মোচন কৰে ক্ৰমে জ্যেষ্ঠ সাংবাদিক আব্দুল আলিম আৰু লেখিকা জ্যোৎস্না ৰাণী বেগমে।

দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক ড০ দিবাকৰ নাথ, ড০ সুলেখা চক্ৰৱৰ্তী, কবি – সমালোচক ড০ হাছিনুচ চুলতানৰ উপৰি অসম আৰু মেঘালয়ৰ বহুকেইগৰাকী সাহিত্যিকে। বিয়লি কবি সনৎ কুমাৰ মহন্তৰ পৰিচালনাত অনুষ্ঠিত হয় কবি সন্মিলন।

অনুষ্ঠানত অসম আৰু মেঘালয়ৰ প্ৰায় ৩০ গৰাকী কবিয়ে কবিতা পাঠ কৰে। বহুভাষিক কবি সন্মিলন উপলক্ষে মেঘালয়ৰ সাহিত্যিক জয়া ৰৌফ আৰু অসমৰ জ্যোৎস্না ৰাণী বেগমৰ যৌথ সম্পাদনাত ‘চণ্ডীশিলা’ শীৰ্ষক এখন স্মৃতিগ্ৰন্থও প্ৰকাশ কৰা হয়।