NORTHEAST NOW (Assamese)
দেশ

৩০ৰ পিছতহে কাৰ্যকৰী হ’ব ‘এক দেশ, এক নিৰ্বাচন’: নিৰ্মলা সীতাৰমণ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী April 6, 2025 6:08 pm

 ‘এক দেশ, এক নিৰ্বাচন’ ব্যৱস্থা ২০৩০ চনত বা তাৰ পিছতহে কাৰ্যকৰী কৰা হ’ব বুলি মত প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। তামিলনাডুৰ এখন বিশ্ববিদ্যালয়ৰ সভাত অংশগ্ৰহণ কৰি এই দৰে কয় কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে

তামিলনাডুৰ চেংগলপেট জিলাৰ এছ আৰ এম বিশ্ববিদ্যালয়ৰ এখন  সভাত অংশগ্ৰহণ কৰি কয় যে ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰায় ১ লাখ কোটি টকা খৰচ হৈছে। একেলগে নিৰ্বাচন হ’লে এই খৰচ কমিব পাৰে। তেওঁৰ মতে, সংসদ আৰু বিধানসভাৰ নিৰ্বাচন একেলগে হ’লে দেশৰ জিডিপিত ১.৫ শতাংশ বৃদ্ধি পাব আৰু অৰ্থনীতিত ৪.৫০ লাখ কোটি টকা যোগ হ’ব। তেওঁ ইয়াক ‘এক দেশ, এক নিৰ্বাচন’ৰ স্পষ্ট উদাহৰণ বুলি উল্লেখ কৰে।

কিছু ৰাজনৈতিক দল এই পদক্ষেপৰ বিৰোধিতা কৰি ভুল প্ৰচাৰ চলাইছে বুলি দাবী উত্থাপন কৰই তেওঁ কয় যে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিন এই পৰিকল্পনাৰ বিৰোধী, কিন্তু তেওঁৰ পিতৃ তথা ডিএমকে নেতা এম. কৰুণানিধিয়ে জীৱিত থাকোঁতে ইয়াক সমৰ্থন কৰিছিল। কৰুণানিধিয়ে তেওঁৰ আত্মজীৱনী ‘নেনজুক্কু নীধি’ত এই কথা লিখিছিল বুলি তেওঁ উল্লেখ কৰে।

এআইএডিএমকে আৰু পিএমকে দলেও এক দেশ, এক নিৰ্বাচন’ৰ পৰিকল্পনাক সমৰ্থন কৰিছে বুলি উল্লেখ কৰে। তেওঁ দি আৰু কয় যে এইটো কোনো ব্যক্তিগত প্ৰকল্প নহয় আৰু চৰকাৰে ১০ বছৰ ধৰি এই বিষয়ে কৈ আহিছে। দেশৰ বাবে ই গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি তেওঁ সকলোকে সমৰ্থন কৰিবলৈ  আহ্বান জনাইছে।