NORTHEAST NOW (Assamese)
Popular Stories

ব্যংগ অভিনেতা কপিল শৰ্মা, ৰাজপাল যাদৱক ভাবুকি অজ্ঞাত চক্ৰৰ! তদন্ত আৰম্ভ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 23, 2025 11:03 am
ব্যংগ অভিনেতা কপিল শৰ্মা, ৰাজপাল যাদৱক ভাবুকি অজ্ঞাত চক্ৰৰ! তদন্ত আৰম্ভ আৰক্ষীৰ

শেহতীয়াকৈ কৌতুক অভিনেতা কপিল শৰ্মা, অভিনেতা ৰাজপাল যাদৱ, নৃত্য পৰিচালক ৰেমো ডিছৌজা, গায়িকা-কমেডিয়ান সুগন্ধা মিশ্ৰই ভাবুকিপূৰ্ণ ইমেইল লাভ কৰাৰ ফলত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ইমেইলসমূহত চেলিব্ৰিটি কেইজনক সকীয়াই দিয়া হৈছিল যে বাৰ্তাটোক গুৰুত্বসহকাৰে আৰু গোপনীয়তাৰে লব লাগে, আঠ ঘণ্টাৰ ভিতৰত কোনো সঁহাৰি নিদিলে ভয়াৱহ পৰিণতিৰ ভাবুকি দিয়া হৈছে। বিষ্ণু নামৰ এজন ব্যক্তিৰ স্বাক্ষৰিত বাৰ্তাটোত দাবী কৰা হৈছে যে বিষয়টো গুৰুতৰ আৰু প্ৰচাৰৰ বাবে কৰা ষ্টাণ্ট নহয়।

ইমেইলটোত আৰু জোৰ দি কোৱা হৈছে যে ভাবুকিক আওকাণ কৰিলে তেওঁলোকৰ ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা জীৱনতে গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। এই ভাবুকিৰ পাছতো চেলিব্ৰিটিসকলে অভিযোগ দাখিল কৰে, যাৰ ফলত আম্বলি আৰু অশিৱাৰা থানাত গোচৰ পঞ্জীয়ন হয়। তদন্তত প্ৰকাশ পাইছে যে যি আই পি ঠিকনাৰ পৰা ভাবুকি দিয়া ইমেইলটো প্ৰেৰণ কৰা হৈছিল সেই আই পি ঠিকনা পাকিস্তানৰ পৰাই ট্ৰেচ কৰা হৈছে।

কৰ্তৃপক্ষই এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে, আৰু আৰক্ষীয়ে এই ভাবুকিৰ উৎস চিনাক্ত কৰাৰ কাম কৰি আছে।

চেলিব্ৰিটিসকলক লক্ষ্য কৰি ক্ৰমাৎ বৃদ্ধি পোৱা ভাবুকি আৰু কাণ্ডই তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে, আৰু কৰ্তৃপক্ষই পৰিস্থিতিৰ সৈতে মোকাবিলা আৰু জড়িতসকলক সুৰক্ষা দিয়াৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে।