NORTHEAST NOW (Assamese)
অসম

১০ কোটিৰো অধিক টকাৰে ক্ৰয় কৰা বেটছমেনৰ বেটৰ পৰা ওলোৱা নাই এটাও ছিক্সাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 20, 2020 2:26 pm

আই পি এলৰ ১৩ সংখ্যক সংস্কৰণত যিটো দলৰ বেটিঙে সকলোকে আকৰ্ষিত কৰিছে সেই দলটোৰে আটাইতকৈ দামী বেটছমেনজনৰ হতাশাজনক প্ৰদৰ্শন এতিয়া চৰ্চাৰ মূল বিষয় হৈ পৰিছে।

বিশ্বৰ অন্যতম বিস্ফোৰক বেটছমেন গ্লেন মেক্সৱেলৰ বেট এই পৰ্যন্ত ক্ষান্ত হৈ আছে। এতিয়ালৈকে খেলা ৯ খন মেচত এটাও ছয় কোবাবলৈ সক্ষম হোৱা নাই মেক্সৱেলে।

কিংছ ইলেভেন পঞ্জাৱে অষ্ট্ৰেলিয়াৰ এই গৰাকী ক্ৰিকেটাৰক ১০.৭৫ কোটি টকাৰ বিনিময়ত দলত চামিল কৰিছিল।

ইয়াৰ পূৰ্বেও মেক্সৱেলে ২০১৪ চনত পঞ্জাৱৰ হৈ খেলিছিল আৰু সেইটো ছিজনত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল।

২০১৪ৰ প্ৰদৰ্শনৰ ভিত্তিতে দলত মেক্সৱেলক পুনৰ এবাৰ বাচনি কৰা হয় যদিও এইবাৰ তেওঁ সকলোকে হতাশ কৰি তোলা পৰিলক্ষিত হৈছে।

চলিত ছিজনত মেক্সৱেলে খেলা ৯খন মেচৰ আঠটা ইনিংছৰ পৰা মাত্ৰ ৫৮ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ছিজনত তেওঁৰ ব্যক্তিগত সৰ্বাধিক ৰান হ’ল ১৩।

অন্যতম বিস্ফোৰক বেটছমেন হিচাপে পৰিচিত মেক্সৱেলৰ বেটৰ পৰা মাত্ৰ পাঁচটা চাৰিহে দেখিবলৈ পোৱাৰ বিপৰীতে এটাও ছয় দেখিবলৈ পোৱা নাই অনুৰাগীসকলে।