NORTHEAST NOW (Assamese)
অসম

আৰক্ষী সঞ্চালক প্ৰধানক লগতলৈ মৈত্ৰী আঁচনিৰ পৰ্যালোচনা মুখ্য মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 18, 2019 8:50 pm
Assam Chief Minister Sarbananda Sonowal reviews MOITRI scheme

আজি ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মৈত্ৰী আঁচনিৰ অধীনত থানা সমূহৰ নিৰ্মাণ কাৰ্য্যৰ অগ্ৰগতিৰ পৰ্য্যালোচনা কৰা হয়। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰহিত্যত অনুষ্ঠিত বৈঠকত মৈত্ৰীৰ অধীনত চলি থকা থানা সমূহৰ নিৰ্মাণৰ লগতে ইয়াত থাকিবলগীয়া সুবিধা ইত্যাদি বিষয় সমূহো আলোচনা কৰা হয়।

বৈঠকত মুখ্য মন্ত্ৰীয়ে মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্য্য থকা ৭৩ খন থানাৰ নিৰ্মাণ কাৰ্য্য চলিত বছৰৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

নিৰ্মাণ কাৰ্য্য চলি থকা থানা সমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়টো চোৱাচিতা কৰাৰ বাবে জিলা আৰক্ষী অধীক্ষকসকলক দায়িত্ব অৰ্পন কৰিবলৈ মুখ্য মন্ত্ৰীয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক নিৰ্দেশ দিয়ে। বৈঠকত পুলিচ একাডেমী নিৰ্মাণৰ বিষয়োটোও আলোচনা কৰা হয়।

আজিৰ বৈঠকত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, গৃহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, গৃহ বিভাগৰ উচ্চপদস্থ বিষয়াৰ লগতে আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।