NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূবৰ তৃতীয়টো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হোৱাৰ পথত আগৰতলা বিমানবন্দৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 18, 2019 9:55 pm
Agartala_Airport_Departure_Terminal

চলিত বৰ্ষৰ শেষৰফালে অথবা ২০২০ চনৰ প্ৰথমভাগত ত্ৰিপুৰাৰ আগৰতলা বিমানবন্দৰে উত্তৰ-পূৰ্বাঞ্চলৰ তৃতীয়টো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পূৰ্ণ সম্ভৱনা আছে।

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে গঢ় দিয়া কাম চলিত বছৰৰ শেষৰফালে সমাপ্ত কৰিব বুলি উল্লেখ কৰিছে বুলি মন্তব্য কৰে  ত্ৰিপুৰাৰ পৰিবহন আৰু পৰ্যটন মন্ত্ৰী প্ৰাণজ্যিৎ সিংহ ৰয়ে।

যদিহে বাৰিষা কালে চলি থকা কাম ব্যাহত কৰে তেনেহ’লে ২০২০ চনৰ প্ৰথমভাগতে বিমানবন্দৰটোৰ কাম সম্পুৰ্ণ হ’ব।

ভাৰতীয় বিমান প্ৰাধিকৰণে ৪৩৮ কোটি টকা ব্যায়েৰে আগৰতলা বিমানবন্দৰক সকলো ধৰণৰ আধুনিক সা-সুবিধাযুক্ত কৰি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে গঢ় দিয়াৰ বাবে আঁচনি গ্ৰহণ কৰিছিল।

মন্ত্ৰীগৰাকীয়ে বাজেটত নিৰ্ধাৰণ কৰা ৪৩৮ কোটি টকাৰ বাজেট কাম সম্পুৰ্ণ হোৱালৈ বৃদ্ধি পাবও পাৰে বুলি উল্লেখ কৰে।

তেওঁ ত্ৰিপুৰা চৰকাৰে বিমান প্ৰাধিকৰণক নিৰ্ধাৰিত সময়ৰ ভিতৰত সকলো ধৰণৰ সুবিধাযুক্ত কৰি বিমানবন্দৰটো মুকলি কৰাৰ বাবে কৈ আহিছে বুলি মত প্ৰকাশ কৰে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱেও কিছুদিন পূৰ্বে দিল্লীত বিভাগীয় কৰ্তৃপক্ষৰ সৈতে ১৯৪২ চনত মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে নিৰ্মান কৰি যোৱা বিমানবন্দৰটোৰ আধুনিকীকৰণ কৰাৰ বাবে আলোচনাত মিলিত হৈছিল।

মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা জনোৱা মতে বিভাগীয় মন্ত্ৰী ৰাজ কুমাৰ সিঙে এই ক্ষেত্ৰত মুখ্য মন্ত্ৰীক সেউজ সংকেত প্ৰদান কৰি সকলো ধৰণৰ অনুৰোধ ৰক্ষা কৰা হ’ব বুলি আশ্বাস দিয়ে।

আগৰতলা বিমানবন্দৰ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পাছত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰ।