NORTHEAST NOW (Assamese)
Popular Stories

জনপ্ৰিয় ধাৰাবাহিক CID এচিপি প্ৰদ্যুম্নৰ মৃত্যুত স্তম্ভিত অনুৰাগী!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 6, 2025 5:42 pm

চি আই ডিৰ অনুৰাগীসকলৰ বাবে এটা দুখবৰ। জনপ্ৰিয় ভাৰতীয় টিভি ধাৰাবাহিক চি আই ডিৰ অন্যতম প্ৰিয় চৰিত্ৰ এচিপি প্ৰদ্যুমান এতিয়াৰ পৰা এই কাহিনীত দেখা নাযাব। ১৯৯৮ চনৰ পৰা সম্প্ৰচাৰ হৈ অহা চি আই ডি ভাৰতৰ অন্যতম দীঘলীয়া ধাৰাবাহিক হিচাপে পৰিচিত। শিৱাজী সাতমে অভিনয় কৰা এচিপি প্ৰদ্যুম্ন এই ধাৰ্বাহিক খনৰ মূল স্তম্ভ আছিল।

শেহতীয়া এটা খণ্ডত তেওঁৰ চৰিত্ৰটো এটা বিস্ফোৰণত মৃত্যু হোৱা দেখুওৱা হৈছে। প্ৰথমে শিৱাজীয়ে বিৰতি ল’বলৈ বিচাৰিছে বুলি গুজব চলিছিল। কিন্তু শনিবাৰে চ’নী টিভিয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে এই খবৰ নিশ্চিত কৰে।

ইয়াৰ পিছতে অনুৰাগীসকল হতাশ হৈ পৰিছে। এজন অনুৰাগীয়ে কয়, এয়া কেৱল এচিপি প্ৰদ্যুম্নৰ শেষ নহয়, চি আই ডি আৰু চ’নী টিভিৰো শেষ।

অনুৰাগীসকলে এচিপি প্ৰদ্যুম্নৰ কাহিনী এনেদৰে সমাপ্তি ঘটোৱাটো তীব্ৰ সমালোচনা কৰিছে। তেওঁলোকে ভাৱে এচিপি প্ৰ এচিপি প্ৰদ্যুম্নৰ ভাল বিদায়ৰ যোগ্য আছিল বুলি মত প্ৰকাশ কৰিছে। ইয়াৰ পিছত ধাৰাবাহিক খন পূৰ্বৰ দৰে জনসাধাৰণে অদৰি ল’ব নে সেয়া লক্ষ্যণীয় হ’ব।