ভাৰতীয় শ্বেয়াৰ বজাৰত ভয়ংকৰ বিপৰ্যয়; ক্ষন্তেকতে ‘উধাও’ হৈ গ’ল ১৯ লাখ কোটি টকা!

বিশ্বৰ বজাৰত বাণিজ্য যুদ্ধৰ আশংকা শিখৰত উপনীত হোৱাৰ লগে লগে সোমবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত ব্যাপক পতন ঘটে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰতিশোধমূলক শুল্ক নীতিয়ে সৃষ্টি কৰা উদ্বেগ এছিয়াকে ধৰি সমগ্ৰ বিশ্বৰ বজাৰসমূহত প্ৰতিফলিত হৈছে।
সোমবাৰে সপ্তাহটোৰ প্ৰথমটো কৰ্মদিনত চেন্সেক্স প্ৰায় ৪ হাজাৰ পইণ্ট আৰু নিফ্টি ৫০ সূচকাংক ২১,৭৫০ পইণ্টৰ তললৈ নামি যায়। পুৱা ৯:৫০ বজালৈকে চেন্সেক্সৰ মূল্য ২,৭৫২ পইণ্ট বা ৩.৬৫ শতাংশ হ্ৰাস পাই ৭২,৬১৩ পইণ্টত উপনীত হয়। নিফটিৰ মূল্য ৮৮২ পইণ্ট বা ৩.৮৫ শতাংশ হ্ৰাস পাই ২২,০২২ পইণ্ট হয়।
বম্বে ষ্টক এক্সচেঞ্জৰ মিডকেপ আৰু স্মলকেপৰ সূচকাংক ১০ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে। বজাৰত ব্যাপক উদ্বেগ প্ৰতিফলিত হয় ভাৰতীয় ভলেটিলিটি ইনডেক্স বা ইণ্ডিয়া ভিএক্সত, যিটো ৫২ শতাংশ জপিয়াই প্ৰায় ২১-ত উপনীত হয় ।
মাত্ৰ কেইমিনিটমানৰ ভিতৰতে বিএছইত তালিকাভুক্ত কোম্পানীসমূহৰ মুঠ বজাৰ মূলধন প্ৰায় ১৯ লাখ কোটি টকা বাষ্পৰ দৰে ‘উধাও’ হৈ পৰিল — পূৰ্বৰ দিনটোৰ ৪০৩ লাখ কোটি টকাৰ পৰা ৩৮৪ লাখ কোটিলৈ হ্ৰাস পালে।
বিশ্বৰ বজাৰত শুল্ক নীতিৰ ক্ষেত্ৰত ট্ৰাম্প প্ৰশাসনৰ আঁকোৰগোজ স্থিতিয়ে বিনিয়োগকাৰীৰ মাজত আতংকৰ অন্যতম কাৰণ। দেওবাৰে ট্ৰাম্পে কয় যে শুল্ক হৈছে “ঔষধ” যাৰ ফলত বিদেশী চৰকাৰসমূহে ইয়াৰ মূল্য দিবলৈ বাধ্য হ’ব। তেওঁ কয় যে শ্বেয়াৰ বজাৰৰ বিপৰ্যয়ক লৈ তেওঁ চিন্তিত নহয়।
এছিয়াৰ বজাৰত টাইৱানৰ সূচকাংক ১০ শতাংশ আৰু জাপানৰ নিকেই ৭ শতাংশ হ্ৰাস পাইছে। শুকুৰবাৰে আমেৰিকাৰ বজাৰত এছ এণ্ড পি ৫০০ সূচকাংক ৫.৯৭ শতাংশ, ডাউ জ’নছ ৫.৫০ শতাংশ আৰু নাছডাক ৫.৭৩ শতাংশ হ্ৰাস পাই বন্ধ হয়।
বিশেষজ্ঞসকলৰ মতে এই শুল্ক যুদ্ধৰ ফলত বিশ্বজুৰি মুদ্ৰাস্ফীতি বৃদ্ধি পাব, কৰ্পৰেট লাভ হ্ৰাস পাব, গ্ৰাহকৰ চাহিদা হ্ৰাস পাব, অৰ্থনৈতিক বিকাশত বাধা আহিব। যদিও ভাৰতত এই বাণিজ্য যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ নপৰে, তথাপিও বিশ্ব অৰ্থনীতিৰ জোকাৰণিৰ পৰা ভাৰত সম্পূৰ্ণৰূপে মুক্ত নহ’ব।
অহা ৯ এপ্ৰিলত ৰিজাৰ্ভ বেংকৰ নীতি বৈঠকৰ পূৰ্বে বিনিয়োগকাৰীসকল সতৰ্ক হৈ আছে। বজাৰৰ আশা অনুসৰি কেন্দ্ৰীয় বেংকে সুতৰ হাৰ কৰ্তনৰ উপৰিও অৰ্থনৈতিক বৃদ্ধি বজাই ৰখাৰ বাবে অতিৰিক্ত পদক্ষেপ গ্ৰহণ কৰিব পাৰে।
চতুৰ্থ ত্ৰৈমাসিকৰ ফলাফল প্ৰকাশ এই সপ্তাহৰ পৰা আৰম্ভ হ’ব। টিচিএছে ১০ এপ্ৰিলত মাৰ্চৰ ত্ৰৈমাসিকৰ ফলাফল প্ৰকাশ কৰিব। অৱশ্যে কেৱল ফলাফলেই নহয়, বাণিজ্য যুদ্ধৰ প্ৰেক্ষাপটত কোম্পানীৰ মেনেজমেন্টে কি বাৰ্তা দিয়ে তালৈও দৃষ্টি থাকিব বজাৰৰ।