NORTHEAST NOW (Assamese)
Popular Stories

অৰুণাচলত বিচাৰি পোৱা গৈছে ভাৰতীয় বায়ুসেনাৰ নিৰুদিষ্ট বিমানৰ ধ্বংসাৱশেষ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 11, 2019 4:44 pm

যোৱা ৩ জুনত অৰুণাচল প্ৰদেশত নিৰুদ্দিষ্ট হোৱা ভাৰতীয় বায়ুসেনাৰ এ এন-৩২ বিমানখনৰ ধ্বংসাৱেশৰ সন্ধান পোৱা গৈছে। অৰুণাচল প্ৰদেশৰ লিপোৰ সমীপত বিমানখনৰ ধ্বংসাৱশেষ বিচাৰি পোৱা গৈছে।

ভাৰতীয় বায়ুসেনাই আজি এক টুইট যোগে ইয়াক নিশ্চিত কৰি কয় যে ভাৰতীয় বায়ুসেনাৰ এখন এম আই-১৭ হেলিকপ্তাৰে নিখোজ বিমানখনৰ সন্ধান উলিয়ায়।

‘নিখোজ বিমানখনৰ উদ্ধাৰ অভিযান চলাই থকা এম আই-১৭ হেলিকপ্তাৰখনে আজি ১২,০০০ ফুট উচ্চতাত লিপোৰ পৰা ১৬ কিঃমি উত্তৰত আৰু টাটোৰ উত্তৰ-পূবত বিমানখনৰ ধ্বংসাৱেশ সন্ধান পায়।‘ টুইটটোত কোৱা হয়।

ভাৰতীয় বায়ুসেনাই জনোৱা মতে বেয়া বতৰ, ঘন জংঘল আৰু প্ৰতিকুল ভৌগলিক পৰিৱেশৰ প্ৰত্যাহ্বানৰ সস্ত্বেও সেনা, নৌ সেনা বাহিনী আৰু ইণ্ডো-টিবেটান বৰ্ডাৰ পোলিচ (আই টি বি পি)ৰ দলে দিনে নিশাই বিমানখন উদ্ধাৰ কৰাৰ বাবে লাগি আছে।

উল্লেখযোগ্য যে ৮জন বিমানকৰ্মী আৰু ৫জন যাত্ৰীৰে মুঠ ১৩জন ব্যক্তি থকা নিখোজ বিমানখনৰ সন্ধান দিওঁতালৈ ভাৰতীয় বায়ু সেনাই ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।