NORTHEAST NOW (Assamese)
অসম

অসমৰ সকলো কিদনি ৰোগীলৈ বিনামূলীয়া দায়েলাইচিচ, হিমন্ত বিশ্ব Live

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 11, 2019 5:06 pm
Independence Day: Himanta Biswa Sarma offers aid for ICU patients in Assam

অসমৰ সকলো বৃক্ক ৰোগীয়ে অহা ১৪ জুনৰ পৰা লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়া দায়েলাইচিচৰ সুবিধা। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত মঙলবাৰে এই কথা ঘোষণা কৰিছে।

এপল’ চিকিৎসালয়ে অসমত আঁচনিখনৰ চিকিৎসা সম্পৰ্কীয় দিশটো পৰিচালনা কৰিব। ৰাজ্যৰ বিভিন্ন জিলাৰ চৰকাৰী চিকিৎসালয়ত চলিব লগা এই চিকিৎসা কেন্দ্ৰসমূহৰ যন্ত্ৰ-পাতি আৰু কাৰিকৰী সহযোগিতা আগবঢ়াব অসম চৰকাৰে।

প্ৰধান মন্ত্ৰীৰ ৰাষ্ট্ৰীয় দায়েলাইচিচ আঁচনিৰ সৌজন্যত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত অসম চৰকাৰৰ সহযোগত সেৱাবিধ উপলব্ধ হ’ব। চিকিৎসাৰ বাবদ হোৱা ব্যয়ৰ ৯০% কেন্দ্ৰীয় চৰকাৰে আৰু ১০% ৰাজ্য চৰকাৰে বহন কৰিব।

আঁচনিখনৰ সুবিধা পোৱাৰ ক্ষেত্ৰত ৰোগীৰ আয় সম্পৰ্কীয় একো সীমাবদ্ধতা নাথাকিব। “ধনী, দুখীয়া, অটল অমৃত- আয়ুস্মান ভাৰত কাৰ্দ থকা-নথকাক লৈ একো কথা নাই,” হিমন্ত বিশ্বই জনায়।

১৪ জুনত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতী অসামৰিক চিকিৎসালয়ত আঁচনিটো উন্মোচনৰ পৰৱৰ্তী সপ্তাহত ৰাজ্যৰ মুঠ আঠটা কেন্দ্ৰত প্ৰথম পৰ্য্যায়ত এই সেৱা আৰম্ভ হ’ব।

https://www.facebook.com/himantabiswasarma/videos/423579078494655/

১৫ জুনত দৰং জিলাৰ মঙ্গলদৈ অসামৰিক চিকিৎসালয়, ১৬ জুনত শোণিতপুৰ জিলাৰ কনকলতা অসামৰিক চিকিৎসালয় , ১৭ জুনত তেজপুৰ মেডিকেল কলেজ, ১৮ জুনত তিনিচুকীয়া জিলাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়, ১৯ জুনত মৰিগাওঁ অসামৰিক চিকিৎসালয়, ২০ জুনত বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ আৰু বঙাইগাওঁ জিলা চিকিৎসালয়ত এই চিকিৎসা আৰম্ভ হ’ব।

তিনি মাহৰ ভিতৰত আঁচনিখনৰ দ্বিতীয় পৰ্যায়ত নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়, শিৱসাগৰ অসামৰিক চিকিৎসালয়, উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়, ধেমাজি অসামৰিক চিকিৎসালয়, ডিফু অসামৰিক চিকিৎসালয়, ধুবুৰী আৰু গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ইয়াৰ আৰম্ভ কৰা হ’ব।

তৃতীয় পৰ্য্যায়ত যোৰহাট মেডিকেল কলেজ, কৰিমগঞ্জ  আৰু গোলাঘাট অসামৰিক চিকিৎসালয়ত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব, সংবাদমেলত মন্ত্ৰীগৰাকীয়ে জনায়।

একোটা কেন্দ্ৰত ৬টাকৈ দায়েলাইচিচ মেচিন থাকিব। ইয়াৰে ৫টা সাধাৰণ ৰোগী আৰু এটা এইচ আই ভি ৰোগীৰ কাৰণে উপলব্ধ হ’ব।

গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত সেৱাবিধ সদ্যহতে আৰম্ভ কৰা হোৱা নাই। কিন্তু পূৰ্বৰ পৰাই চিকিৎসালয়কেইখনত দায়েলাইচিচৰ সুবিধা আছে।