NORTHEAST NOW (Assamese)
দেশ

একাউন্টত আছে মাত্ৰ ১২ টকা : ৩৬ কোটিৰ আয়কৰৰ জাননী লাভ কৰিলে এগৰাকী ব্যক্তিয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 11, 2025 3:28 pm

গুজৰাটত এক আজৱ কাণ্ড সংঘটিত কৰিছে আয়কৰ বিভাগে। মাহিলী মাত্ৰ ১২ টকা উপাৰ্জন কৰা এজন ব্যক্তিলৈ ৩৬ কোটি টকাৰ আয়কৰৰ জাননী প্ৰেৰণ কৰিছে আয়কৰ বিভাগে।   উল্লেখ্য যে উক্ত ব্যক্তিগৰাকীৰ বেংক একাউণ্টত জমা আছে মাত্ৰ ১২ টকা।

গুজৰাটৰ সাবৰকান্ত জিলাৰ ৰতনপুৰ গাঁৱৰ এজন বাসিন্দাই এই সম্পত্তি সন্দৰ্ভত ৩৬ কোটি টকাৰ আয়কৰ জাননী লাভ কৰিছে। আয়কৰ বিভাগে তেওঁৰ বিশাল লেনদেনৰ বিষয়ে স্পষ্টীকৰণৰ নিৰ্দেশ দিছে।

আই টি কোম্পানী এটাৰ কাৰ্যালয়ত কৰ্মৰত জিতেশ কুমাৰ মাকৱানাই কয় যে তেওঁৰ আয় ইমানেই কম যে তেওঁ আয়কৰ দাখিল কৰিব নোৱাৰে। তেওঁ কয়, “৩৬ কোটি টকাৰ জাননীখন দেখি মই থতমত খালোঁ। কাগজখন চাই বুজিবলৈ চেষ্টা কৰিলোঁ। মোৰ বেংক একাউণ্টত মাত্ৰ ১২ টকা বাকী আছে।”

লগতে তেওঁ জাননী পোৱাৰ পিছত স্থানীয় থানাত যোগাযোগ কৰা বুলিও জানিবলৈ দিয়ে। তাৰ পৰাই তেওঁক চাইবাৰ ক্ৰাইম ইউনিটলৈ পঠিওৱা হয়। তাৰ পৰা আয়কৰ কাৰ্যালয়লৈ। ইয়াৰ পিছত তেওঁলোকক জি এছ টি বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হয়।

উল্লেখ্য যে জিএছটি দাখিলৰ বাবে প্ৰৱঞ্চনামূলক কামত জিতেশৰ পেন কাৰ্ড নম্বৰ ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা হৈছে। আয়কৰ বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, জি এছ টি বিভাগে বৃহৎ লেনদেনৰ সমস্যা চিনাক্ত কৰিছে। তেওঁৰ বিৰুদ্ধে তদন্ত চলি আছে। জাননীখনত ২০২০-২১ চনত ৩৬,০৩,৫৮,৯১৫ টকাৰ লেনদেন লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ লগতে বিক্ৰী আৰু ক্ৰয়ৰ ৰেকৰ্ড, বেংক ষ্টেটমেণ্ট আৰু জে কে এণ্টাৰপ্ৰাইজৰ সৈতে জড়িত নথি-পত্ৰ জমা দিবলৈ কোৱা হৈছে। সকীয়াই দিয়া হৈছে যে যদি আপুনি কোনো সঁহাৰি নিদিয়ে তেন্তে ১৪৮ নং ধাৰাত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বা পুনৰ মূল্যায়ন কৰা হ’ব।