NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মণিপুৰ : জংঘলত খৰি লুৰিবলৈ গৈ ধৰ্ষণ আৰু হত্যাৰ বলি হ’ল মানসিকভাবে অক্ষম কিশোৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 12, 2025 8:00 am

শুকুৰবাৰে মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ এখন হাবিত খৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে এগৰাকী মানসিকভাৱে অক্ষম কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

সূত্ৰই জনোৱা মতে, এজন সন্দেহযুক্ত লোকক আৰক্ষীয়ে আটক কৰিছে আৰু তদন্ত অতি প্ৰাৰম্ভিক পৰ্যায়ত থকাৰ বাবে তেওঁ নাম প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে।

শুকুৰবাৰে নিশা ১২ বজাত চুৰাচান্দপুৰৰ লেইজাংফাই গাঁৱৰ অৰণ্যত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, কিশোৰীগৰাকীৰ কাপোৰ ফাটি যোৱাৰ লগতে শৰীৰত কেইবাটাও আঘাতৰ চিন আছে।

জানিব পৰা মতে, কিশোৰীগৰাকীৰ পিতৃয়ে তেওঁক খৰি সংগ্ৰহ কৰিবলৈ হাবিলৈ পঠিয়াইছিল আৰু তাই ঘূৰি নহাত তেওঁ চিন্তিত হৈ পৰিছিল। তাৰপিছত তেওঁ কন্যাক বিচাৰি হাবিত প্ৰৱেশ কৰে। কিছু সময় বিচৰাৰ পিছত তেওঁ কন্যাৰ মৃতদেহটো সংগ্ৰহ কৰা খৰিৰ সৰু থোপা এটাৰ ওচৰত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে।

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে চুৰাচান্দপুৰ জিলাত এগৰাকী ১০ বছৰীয়া কিশোৰীক এটা কিশোৰে যৌন নিৰ্যাতন চলাইছিল।

ইফালে, যোৱা মাহত চুৰাচান্দপুৰত আভ্যন্তৰীণভাৱে স্থানচ্যুত লোকৰ সাহায্য শিবিৰত মৃত অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ। অভিযোগ অনুসৰি তেওঁক যৌন নিৰ্যাতন চলোৱাৰ পিছত হত্যা কৰা হৈছিল।