ৰিজাল্ট বেয়া : মেট্ৰিকৰ ফলাফল ভাল নোহোৱাৰ বাবে ৫ খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱা জাননী শিক্ষা বিভাগৰ

২০২৫ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ শতকৰা হাৰ ২৫ শতাংশৰ তললৈ নামি অহাৰ পিছতে কামৰূপ মহানগৰ জিলাৰ পাঁচখন হাইস্কুললৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে অসম চৰকাৰে।
কামৰূপ (মেট্ৰ) জিলাৰ বিদ্যালয় পৰিদৰ্শক দিপিকা চৌধুৰীয়ে জাৰি কৰা জাননীখনত এই দুৰ্বল প্ৰদৰ্শনক গুৰুতৰ চিন্তাৰ বিষয় বুলি অভিহিত কৰি বিদ্যালয় প্ৰশাসন আৰু তত্বাৱধানত হোৱা ত্ৰুটিৰ কথা উল্লেখ কৰা হৈছে।
এই জাননী জাননী লাভ কৰা বিদ্যালয়কেইখন হৈছে – বৰসজাই হাইস্কুল, মালিগাঁও হাইস্কুল, এন পি এম ই হাইস্কুল, পিলিংকাটা হাইস্কুল আৰু দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।
জাননী খনত উল্লেখ কৰা হৈছে, “ফলাফলসমূহে বিদ্যালয়ৰ প্ৰশাসনৰ গাফিলতি আৰু তত্বাৱধানত দায়বদ্ধতাৰ অভাৱৰ লগতে ত্ৰুটিৰ ইংগিত দিয়ে।”
উল্লেখ্য যে এই বিদ্যালয়সমূহৰ অধ্যক্ষক অহা পাঁচ দিনৰ ভিতৰত কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছে। উত্তৰত সন্তুষ্ট নহ’লে কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব বুলি জানিবলৈ দিছে শিক্ষা বিভাগে।