NORTHEAST NOW (Assamese)
অসম

অসমত ১২৯২ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৮.৩৩ শতাংশলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 13, 2020 10:44 pm
642 persons test Covid19 positive in Assam on Saturday

আৰু ১২৯২গৰাকী ব্যক্তি অসমত দেওবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

পজিটিভৰ হাৰ ৮.৩৩ শতাংশলৈ বৃদ্ধি পাইছে। শনিবাৰে এই হাৰ আছিল ৬.৮২ শতাংশ।

যোৱা ২৪ ঘণ্টাত ১৫,৫১৫টা টেষ্টত এইসকল ব্যক্তিক ক’ভিড পজিটিভ পোৱা গৈছে।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৪২২, যোৰহাটৰ ১৩৪ আৰু লখিমপুৰৰ ১০৭গৰাকী ব্যক্তি।

নতুনকৈ পজিটিভসকলক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৪১,৭৬৩লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

ইপিনে আৰু ১৬গৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, দেওবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৪৬৯লৈ বৃদ্ধি পাইছে।

অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত পৰিছে।

বিপৰীতে ১,১০,৮৮২গৰাকী ব্যক্তিয়ে অসমত শনিবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।