NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ২ঘন্টীয়া অৱস্থান ধৰ্মঘট মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ

Posted by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা January 6, 2022 1:51 pm
Assam

মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত আজি এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

শেহতীয়াকৈ চিকিৎসালয়খনত দুটিকৈ নৱজাতকৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত বিচাৰি এই কাৰ্যসূচী হাতত লয় মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই।

লগতে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ঘটি অহা বিভিন্ন অনিয়মৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

উল্লেখ যে দীৰ্ঘদিনে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত বিভিন্ন অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৰি আহিছিল ৰোগীৰ লগতে স্থানীয় ৰাইজে।

এই অভিযোগ সমূহৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই চিকিৎসালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লয় মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই।

আজিৰ আছুৰ প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় জাতি জনগোষ্ঠীয় দল সংগঠন সমূহেও সহযোগ আগবঢ়ায়।