NORTHEAST NOW (Assamese)
অসম

উলুৱনী আৰক্ষীৰ অভিযানত ৫ কেজি ভাং জব্দ; এজনক আটক

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ January 6, 2022 1:46 pm
Ganja seized kaliabar

কলিয়াবৰৰ লক্ষণাবন্ধা বিলপাৰত এক অভিযানৰ সময়ত প্ৰায় ৫ কেজি ওজনৰ ভাং জব্দ কৰে উলুৱনী আৰক্ষীয়ে।

উলুৱনী আৰক্ষীয়ে অন্য এক ঘটনা সন্দৰ্ভত লক্ষণাবন্ধা বিলপাৰত তদন্ত চলাই থকাৰ মাজতে AS02 H 2014 নম্বৰৰ বাইকত ভাংখিনি কঢ়িয়াই আনিছিল তিনিজন যুৱকে।

আৰক্ষীক দেখি তাৰে দুজন যুৱকে বিলৰ পানীত জঁপিয়াই পলায়ন কৰে যদিও এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

আৰক্ষীৰ হাতত ধৃত যুৱকজনৰ নাম প্ৰতাপ দেৱনাথ।

বিগত লকডাউনৰ সময়ৰ পৰাই ভাঙৰ অবৈধ ব্যৱসায় চলাই থকাৰ লগতে জব্দকৃত ভাংখিনি ভূটানৰ পৰা অহা বুলি আৰক্ষীৰ জেৰাত সদৰী কৰিছে ধৃত যুৱকজনে।