NORTHEAST NOW (Assamese)
অসম

মাৰণাস্ত্ৰ এৰি ভাওনা মঞ্চস্থ আৰক্ষীৰ : জন সমাজত নতুন সমাদৰ লাভ

Posted by: মিণ্টু দাস October 29, 2018 9:25 am
nagaon police bhaona.photo

নগাঁও আৰক্ষীয়ে এ কে ৪৭ , এছ এল আৰ, ষ্টেনগান, নাইন এম এম আদিৰ দৰে মাৰণাস্ত্ৰ একাষৰীয়াকৈ থৈ এক সৃষ্টিশীল কামত নিয়োজিত হৈছে। হঠাৎ হোৱা এই পৰিৱৰ্তন কিন্তু সমাজ সংস্কাৰ হ’ব পৰাৰ দৰে এক পৰিৱৰ্তন। এই পৰিৱৰ্তন কালত আৰক্ষীৰ হাতত ধনু- কাঁড়, তৰোৱাল, যাঠিৰ দৰে আওপুৰণি অস্ত্ৰ-শস্ত্ৰই শোভাবৰ্দ্ধন কৰিছে। ইয়াৰ বিপৰীতে এনে আওপুৰণি অস্ত্ৰৰে কাৰ লগত যুঁজিব, সেই লৈয়ো প্ৰশ্নৰ অৱতাৰণা হৈছে। ইয়াৰ উপৰি নগাঁও আৰক্ষীয়ে কাক সুৰক্ষা দিব, কাক দিবনিৰাপত্তা?

প্ৰকৃতাৰ্থত আৰক্ষীয়ে দুষ্কৃতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ সমান্তৰালভাৱে এক অভিনৱ পদ্ধতিৰে নগাঁও আৰক্ষীয়ে যুঁজ দিছে দুষ্কৃতিৰ বিৰুদ্ধে। ৰাইজৰ নিৰাপত্তাৰ, সুৰক্ষাৰ মাজতে হাতত তুলি লৈছে ধনু-কাঁড়। খাকী পোছাক এৰি পিন্ধিছে ৰজাদিনীয়া সাজ পাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া নাটত এইদৰে অভিনয় কৰিছে নগাঁও আৰক্ষীয়ে।

মহাপুৰুষজনাৰ অমৰ সৃষ্টি অংকীয়া নাট ভাওনা কৰি আৰক্ষীয়ে দেখুৱাইছে বিৰল নিৰ্দশন। নৱ প্ৰজন্মৰ বাবে ক্ৰমে অচিনাকি হৈ পৰা  নগাঁও আৰক্ষীয়ে কৰা ভাওনাই নিশ্চিতভাৱে নতুন মাত্ৰা প্ৰদান কৰিব।

নগাঁও পুলিচ ৰিৰ্জাভত শনিবাৰে নিশা অনুষ্ঠিত হোৱা ভাওনাখনিত সুত্ৰধাৰৰ পৰা গাৱন-বায়নলৈকে সকলো আৰক্ষী। ভাৱৰীয়াৰ ৰূপত আৰক্ষী বিষয়াৰ পৰা কনিষ্টবললৈকে। একেদৰে মহিলা আৰক্ষীকো দেখা গ’ল বিভিন্ন চৰিত্ৰত। নাটখনিৰ নাম হৈছে ”চুৰাতন বধ”।

নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে অতিৰিক্তি আৰক্ষী অধীক্ষক ৰিপুল দাস প্ৰমুখ্যে জিলাখনৰ অন্যান্য পুলিচ বিষয়া-কৰ্মচাৰী আদিৰ উপস্থিতিত ভাওনাখনি উদ্বোধন কৰে। উল্লেখ্য যে, পুলিচ ৰিৰ্জাভৰ ভাওনাখনিত দৰ্শকৰ উপস্থিতি আছিল লক্ষণীয়।