NORTHEAST NOW (Assamese)
Popular Stories

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উদ্যোগত ‘লেক্স ইম্পেৰিয়াম মুট কোৰ্ট’ প্ৰতিযোগিতা সফলতাৰে সম্পন্ন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 12, 2025 5:42 pm

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ লিগেল ষ্টাডিজে আজি অৰ্থাৎ ১২ এপ্ৰিলত প্ৰথম ‘লেক্স ইম্পেৰিয়াম মুট কোৰ্ট’ প্ৰতিযোগিতাৰ আয়োজন কৰে। এই প্ৰতিযোগিতাক ফলত আইন পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আইনগত উৎকৰ্ষতা গঢ়ি তোলাৰ এক বৃহৎ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। দিছপুৰ আইন মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত অসম আৰু মেঘালয়ৰ পৰা মুঠ ১৮টা দলে নিজৰ আইন পাঠ্যক্ৰমৰ আৰু যুক্তিৰ দক্ষতা প্ৰদৰ্শন কৰে।

প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তা যেনে ছৰফৰাজ নৱাজ, কিশোৰ কলিতা আৰু এ.এছ তপাদাৰ উপস্থিত থাকে। প্ৰতিযোগিতাখনক তিনিটা ৰাউণ্ডত গঠন কৰা হৈছিল, প্ৰতিটো ৰাউণ্ডত আইনী জ্ঞান আৰু যুক্তিৰ বিভিন্ন দিশ মূল্যাংকন কৰা হয়।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জাষ্টিছ কল্যাণ ৰায় ছুৰানাই সন্মানীয় অতিথি হিচাপে শোভা বঢ়াই অনুষ্ঠানটিৰ উদ্বোধন কৰে। ন্যায়াধীশ ছুৰানাই অধিবক্তা হিচাপে অধ্যয়ন আৰু বাস্তৱ জগতৰ আইনী প্ৰত্যাহ্বানৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰাত ‘মুট কোৰ্ট’ প্ৰতিযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানৰ অংশ হিচাপে ন্যায়াধীশজনে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুট কোৰ্ট হল, এই হ’লটো শিক্ষাৰ্থীক প্ৰকৃত আদালতৰ অভিজ্ঞতাৰ প্ৰদানৰ বাবে ডিজাইন কৰা হৈছে।

অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটিৰ সভাপতি যশোদাৰঞ্জন দাসে আদৰণি ভাষণ প্ৰদান কৰে, গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জয়ন্ত ডেকাই জ্ঞান বৃদ্ধিৰ প্ৰতি শৈক্ষিক দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰে । তদুপৰি উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসে আইনী প্ৰতিভাক আগুৱাই লৈ যোৱাত শিক্ষাৰ্থীৰ ভূমিকাৰ কথা উল্লেখ কৰে।

এই বাৰ্ষিক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ লক্ষ্য হৈছে আইনৰ ছাত্ৰ-ছাত্ৰীসকলক জটিল আইনী বিষয়সমূহৰ সৈতে জড়িত কৰোৱাৰ লগতে শিক্ষাৰ্থীৰ মাজত পেছাদাৰী অধিবক্তা হ’বৰ বাবে এক মঞ্চ প্ৰদান কৰা।