NORTHEAST NOW (Assamese)
দেশ

যি সকলে ধন, মদ আৰু উপহাৰৰ বিনিময়ত ভোটদান কৰে তেওঁলোকে গৰু-ছাগলী, কুকুৰ-মেকুৰী হৈ পুনৰ জন্ম ল’ব : বিজেপি নেত্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 18, 2025 6:48 pm

নিৰ্বাচনৰ সময়ত ভোটাৰক প্ৰায়ে টকা, মদ, উপহাৰ আদি দিয়া দেখা যায়। মধ্যপ্ৰদেশৰ বিজেপিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী উষা ঠাকুৰে ইয়াৰ বিৰোধিতা কৰিছে। তেওঁ কয়, “যিসকলে ধন, মদ, উপহাৰৰ বাবে গণতন্ত্ৰ বিক্ৰী কৰে তেওঁলোকে উট, ভেড়া, ছাগলী, কুকুৰ, মেকুৰী হিচাপে পুনৰ জন্ম ল’ব।”

বুধবাৰে মাহো বিধান সভা সমষ্টিৰ হাছালপুৰ গাঁৱৰ এখন সভাত তেওঁ কৰা এই মন্তব্যৰ ভিডিঅ’ ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত।

গণতন্ত্ৰ বচাবলৈ ৰাইজক আহ্বান জনাই উষা ঠাকুৰে কয়, “বিজেপি চৰকাৰৰ বিভিন্ন আঁচনি যেনে লাডলী বহুবহুনা যোজনা আৰু কিষাণ সন্মান নিধিৰ জৰিয়তে প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টলৈ হাজাৰ হাজাৰ টকা আহি আছে। তাৰ পিছতো যদি ভোটাৰক ৫০০-১০০০ টকাত ক্ৰয় কৰা হয়, তেন্তে সেয়া মানৱতাৰ বাবে লজ্জাজনক কথা।”

ভোটদানৰ গোপনীয়তাৰ কথা উল্লেখ কৰি উষা ঠাকুৰে কয়, “ভগৱানে সকলো চাই আছে। ভোট দিওঁতে আপোনাৰ সততা হেৰুৱাব নালাগে।”

উল্লেখ্য যে পূৰ্বেও এনে বিতৰ্কিত বক্তব্যৰ বাবে শিৰোনাম দখল কৰিছিল উষা ঠাকুৰে। তেওঁ জোৰ দি কয় যে “কেৱল বিজেপিক ভোট দিব লাগে, কাৰণ এই দলে জাতি, ধৰ্ম আৰু সংস্কৃতিৰ সেৱা কৰে।”

তেওঁ কয়, “গণতন্ত্ৰ আমাৰ জীৱন। সংবিধানৰ বিধান অনুসৰি চৰকাৰে জনসাধাৰণৰ জীৱন উন্নত কৰাৰ বাবে বহু আঁচনি ৰূপায়ণৰ চেষ্টা কৰে। বছৰৰ ১২ মাহ সকলোৱে জনসাধাৰণৰ সেৱা কৰে। এনে পৰিস্থিতিত যদি কোনো ব্যক্তিয়ে নিৰ্বাচনৰ সময়ত যিকোনো পৰিস্থিতিত ধন, সুৰা বা অন্যান্য বস্তুৰ বিনিময়ত নিজৰ ভোট বিক্ৰী কৰে, তেন্তে সেয়া এক ক্ষমা কৰিব নোৱাৰা অপৰাধ।”

উষা ঠাকুৰে তেওঁৰ মন্তব্যৰ পক্ষত কয়, “আমি আমাৰ কৰ্মৰ ওপৰত ভিত্তি কৰি আমাৰ পৰৱৰ্তী জীৱন পাওঁ। যদি আমাৰ কৰ্ম বেয়া হয়, তেন্তে আমি মানুহ হিচাপে পুনৰ জন্ম ল’ব নোৱাৰো।”