NORTHEAST NOW (Assamese)
অসম

বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় কৌতুক অভিনেতা ‘বসুদা’ ওৰফে ফেইলাও বসুমতাৰী আৰু নাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 23, 2025 7:33 am

মঙলবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় জনপ্ৰিয় শিল্পীগৰাকীৰ।

অসমৰ সকলোতকৈ বেছিদিন ধৰি চলি অহা টেলিভিশ্যন ধাৰাবাহিক ‘বেহাৰবাৰী আউটপোষ্ট’ত বসুদাৰ চৰিত্ৰত অভিনয় কৰা কৌতুক শিল্পী ফেইলাও বসুমতাৰী আৰু নাই।

জানিব পৰা মতে, বিগত কিছুদিন ধৰি শাৰীৰিকভাবে অসুস্থ হৈ আছিল তেওঁ।

উল্লেখ্য যে বেহাৰবাৰী আউটপোষ্টট এক অন্যতম মুখ্য আকৰ্ষণ আছিল ফেইলাও বসুমতাৰী। কেইবা বছৰ ধৰি বেহাৰবাৰী আউটপোষ্টতে অভিনয় কৰি আছিল শিল্পীগৰাকীয়ে।

অভিনয় জগতত ভৰি দিয়াৰ পূৰ্বে তেওঁ বড়ো ভাষাত গীত গাইছিল। কেইবাটাও জনপ্ৰিয় বড়ো সংগীতৰ জনক আছিল ফেইলাও বসুমতাৰী। নব্বৈ দশকৰ পৰাই তেওঁ জনপ্ৰিয় বড়োগীতেৰে বড়ো সমাজত খলকনিৰ সৃষ্টি কৰিছিল।

বেহাৰবাৰী আউটপোষ্টৰ প্ৰায়বোৰ খণ্ডতে তেওঁ কিছু বড়ো ভাষাৰ শব্দ ব্যৱহাৰ কৰি ভাষাটোৰ প্ৰতি নিজৰ শ্ৰদ্ধা প্ৰদৰ্শন কৰিছিল।

এইগৰাকী জনপ্ৰিয় কৌতুক অভিনেতাৰ অকাল মৃত্যুত এতিয়া বেহাৰবাৰী আউটপোষ্টৰ দৰ্শক, অসমৰ বড়ো সমাজৰ লগতে সাংস্কৃতিক জগতত শোকৰ ছা পৰিছে।