NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত আৰু কিমান পাইপ ফুটিব

Posted by: পৰেশ মালাকাৰ Updated by: পৰেশ মালাকাৰ June 16, 2023 12:55 pm

গুৱাহাটীত হৈছে কি? প্ৰতিদিনে এটাৰ পিছত এটাকৈ এইবোৰ কি হৈ আছে? মে’ মাহৰ ২৫ তাৰিখে খাৰঘূলিত পানীৰ পাইপ ফুটি কি ভয়ানক অৱস্থাৰ সৃষ্টি হৈছিল আমাৰ মনত আছে।ঘৰ-দুৱাৰ, সা-সম্পত্তিৰতো বিস্তৰ ক্ষয়-ক্ষতি সাধন হৈছিলেই, এগৰাকী মহিলাৰো মৃত্যু হৈছিল।তাৰ মাত্ৰ তিনি দিন পিছতেই ২৯ মে’ৰ দিনা মালীগাঁৱত পানীৰ পাইপ ফুটি একেই অৱস্থাৰ সৃষ্টি হৈছিল। ঠিক তেনেদৰে , ৫ জুনৰ দিনা একে ধৰণৰ ঘটনা ঘটিল উত্তৰ গুৱাহাটীত। আকৌ, সেই একে ঘটনাৰ পুনৰাবৃত্তি হ’ল ১২ জুনৰ দিনা ৰাজগড় ৰোডত। তাৰমানে, এমাহ নৌহওঁতেই গুৱাহাটীৰ চাৰি ঠাইত পানীৰ পাইপ ফুটি স্থানীয় ৰাইজৰ অৱস্থা কাহিল কৰিলে।

 ইমানদিনে মানুহে খোৱা পানীটুপিৰ কাৰণে হাহাকাৰ কৰি আছিল।এতিয়া, খোৱা পানী বাদ, এটাৰ পিছত এটাকৈ জল বিস্ফোৰণে গুৱহাটীৰ মানুহক জ্বলাকলা খুৱাই মাৰিছে। বিপদত পেলাইছে। মানুহৰ মৃত্যু  হৈছে। সা-সম্পত্তিৰ ক্ষতি কৰিছে। এতিয়া মানুহৰ আশংকা ইয়াৰ পিছত বা গুৱাহাটীৰ ক’ত পানীৰ পাইপ ফুটে! গুৱাহাটীত যে এনে এটা অৰাজক অৱস্থাৰ সৃষ্টি হৈছে তাৰবাবে কোন দায়ী? এই পানীৰ পাইপ ফুটা ঘটনাবোৰক আমি কি দৰে ব্যাখ্যা কৰিম ? এই বিষয়ে আমি কেনেকৈ আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম? এইবোৰ মানুহ পাগল হৈ যোৱা কথা হয়নে নহয়? এই বিষয়ে চৰকাৰে কি কৈছে আপোনালোকে দেখিছেনে? মুখ্যমন্ত্ৰীয়ে কিবা কৈছেনে? কিয় ক’ব?

 মানুহ বিপদত পৰিলে মুখ্যমন্ত্ৰীয়ে কিবা কোৱা আমি দেখিছোঁ জানো? মুখ্যমন্ত্ৰী, সম্পদৰহে বন্ধু, বিপদৰ বন্ধু নহয়। ক’ৰবাত যদি কিবা ভাল হৈছে তাৰ ভাগ ল’বলৈহে তেওঁ তালৈ দৌৰিব, আৰু ভাগ নহয়, সমুদায় কৃতিত্ব তেওঁ ল’ব। ক’ৰবাত যদি কিবা ঘোষণা কৰিব লাগে সেইটো তেওঁ কৰিব।কিন্তু, বিপদৰ সময়ত আপুনি তেওঁক নাপায়। তাৰ দায়িত্ব তেওঁৰ নহয়। গতিকে গুৱাহাটীত পানীৰ পানী ফুটি মানুহৰ মাজত হাহাকাৰ লাগিছে তাৰ দায়িত্ব তেওঁ কিয় ল’ব, গুৱাহাটীৰ উন্নয়ন  মন্ত্ৰী  অশোক সিংহলেহে সেই দায়িত্ব ল’ব লাগিব।

এতিয়া চাওক সিংহল ডাঙৰীয়াই  কি বিবৃতি দিছেঃ “ …….বিগত কিছুদিনৰ ভিতৰতে মহানগৰীৰ পানীযোগান আঁচনি ৰূপায়ণত সংঘটিত দুটাকৈ দুৰ্ঘটনাত তেওঁ অতিশয় উদ্বিগ্ন আৰু এই ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি দোষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ৷ প্ৰায় ১৩ বছৰ পূৰ্বে আৰম্ভ কৰা এই প্ৰকল্পৰ খোৱাপানীৰ পাইপসমূহ বহুবছৰৰ আগতেই পোতা হৈছিল আৰু সেই কামত জড়িত অভিযন্তা-ঠিকাদাৰ আদি কোনোৱেই আজিৰ তাৰিখত কৰ্মৰত নহয়৷ তথাপিও বিভাগীয় মন্ত্ৰী হিচাপে তেওঁ এই ঘটনাৰ দায়িত্ব এৰাব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনেধৰণৰ দুৰ্ঘটনা কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত তৎকালীনভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ ইয়াৰ আগৰ খাৰঘূলিৰ ঘটনাৰো পূৰ্ণগতিত উচ্চ পৰ্যায়ৰ তদন্ত-প্ৰক্ৰিয়া চলি থকাৰ কথা উনুকিয়াই তেওঁ কয় যে সেই তদন্তৰ প্ৰাথমিক প্ৰতিবেদন ইতিমধ্যেই লাভ কৰা হৈছে আৰু অতি সোনকালেই তাৰ চূড়ান্ত প্ৰতিবেদন লাভ কৰা যাব৷ ভৱিষ্যতে যাতে আকৌ এনেধৰণৰ কোনো ঘটনা সংঘটিত নহয় সেয়া সুনিশ্চিত কৰাই এই মুহূৰ্তত চৰকাৰৰ প্ৰাথমিক গুৰুত্ব বুলিও তেওঁ উল্লেখ কৰে৷”

এই বিবৃতিটোত তেওঁ কিবা ক’লেনে? ইয়াত শব্দ আৰু বাক্যৰ বাহিৰে, ভাষাৰ বাহিৰে কিবা সত্য বা তথ্য আছেনে? শ শ হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি পোতা পাইপৰ ম্যাদ কি মাত্ৰ, দহ বাৰ বছৰ? শ বছৰৰ আগতে, বৃটিছৰ দিনত পোতা পানীৰ পাইপ ফুটি গুৱাহাটীত কেতিয়াবা আমি এনে অঘটন ঘটা দেখিছিলোঁনে? এইবোৰ কি কথা কৈছে চৰকাৰে? গুৱাহাটীৰ মাজেৰে ব্ৰহ্মপুত্ৰৰ দৰে নদী এখন বৈ গৈছে। আজি কিমান বছৰ ধৰি গুৱাহাটীৰ ৰাইজক পানীটোপা যোগান ধৰাৰ নামত চাৰিটাকৈ হাজাৰ কোটি টকীয়া প্ৰকল্পৰ কাম চলি আছে। মাজতে সেইবোৰত দুৰ্নীতিৰ অভিযোগো উত্থাপন হৈছিল। কাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উঠিছিল সেই কথাও আপোনালোকে জানে।

মানে এইবোৰ হৈ আছে কি? কালি আকৌ মালীগাঁৱত নিৰ্মাণ কৰি থকা ফ্লাই ওভাৰৰ বস্তু পৰি মানুহ জখম হ’ল। সেইদিনা গাঁতত পৰি গণেশগুৰিত ছোৱালী এজনী ঢুকাল।ইফালে এই বতৰত, জুনৰ বাৰিষাত ঠায়ে ঠায়ে তেওঁলোকে গুৱাহাটীত নলা খন্দা আৰম্ভ কৰিছে। চাৰিওফালে অৰ্দ্ধ নিৰ্মিত নলা। ক’ৰো পানী ক’তো যাব নোৱাৰা অৱস্থা।মানে এওঁলোকে কৰিব বিচাৰিছে কি? এইখন চৰকাৰৰ কিবা বিচাৰ-বুদ্ধি, বিবেক-বিবেচনা বোলা বস্তু আছেনে নাই? নদীৰ পৰা পানী সংগ্ৰহ কৰি, শোধন কৰি ৰাইজক পানী যোগান ধৰাটো কিবা ৰকেট বিজ্ঞানৰ দৰে জটিল প্ৰযুক্তিৰ কথানে?

এই আটাইবোৰ কথাৰ মূলতে প্ৰশাসনীয় শিথিলতা নহয়নে? দুৰ্নীতি, চৰকাৰৰ চৰম ব্যৰ্থতা আৰু দায়িত্বহীনতা নহয়নে? তাৰ পিছতো মুখ্যমন্ত্ৰী গৰাকীয়ে ইমান বক্তৃতাৰ ফুলজাৰী মৰাৰ নৈতিক সাহস পায় ক’ৰপৰা? আৰু গুৱাহাটীৰ ৰাইজে এইবোৰ কিমান দিন সহ্য কৰি থাকিব? ৰাইজে প্ৰতিবাদ নকৰিলে এই অপশাসন আৰু অৰাজকতা কিন্তু চলিয়ে থাকিব।

https://www.facebook.com/nnassamese/videos/278673841266825