NORTHEAST NOW (Assamese)
অসম

গৌতম গম্ভীৰক হত্যাৰ ভাবুকি দিয়াৰ অপৰাধত গুজৰাটৰ পৰা গ্ৰেপ্তাৰ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 27, 2025 7:53 am

টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি দিয়াৰ গোচৰটো আৰক্ষীয়ে ইতিমধ্যে সমাধান কৰিছে। দিল্লী আৰক্ষীয়ে এই গোচৰত গুজৰাটৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

ভাৰতীয় দলৰ প্ৰাক্তন অপেনিং বেটছমেন তথা বৰ্তমানৰ প্ৰশিক্ষক গৌতম গম্ভীৰলৈ শেহতীয়াকৈ এটা ভাবুকিপূৰ্ণ ইমেইল আহিছিল। তাৰ পিছত আৰক্ষীয়ে গোচৰ ৰুজু কৰে। পেহেলগামত সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰি ২৬ জন পৰ্যটকৰ মৃত্যুৰ দিনটোতে গম্ভীৰে এই ভাবুকি লাভ কৰিছিল।

বৰ্তমান আই পি এল ২০২৫ৰ বাবে বিৰতিত থকা গৌতম গম্ভীৰে ২৪ এপ্ৰিলত  হত্যাৰ ভাবুকি দিয়া দুটা ইমেইল পোৱা বুলি অভিযোগ উত্থাপন কৰি দিল্লী আৰক্ষীক এজাহাৰ দাখিল কৰিছিল।

মধ্য দিল্লীৰ ৰাজেন্দ্ৰ নগৰত বাস কৰা গম্ভীৰে  ইয়াৰে থানাত এফআইআৰ দাখিল কৰি ২২ এপ্ৰিলৰ দুপৰীয়া আৰু সন্ধিয়া দুটা ইমেইল পোৱা বুলি জানিবলৈ দিয়ে। দুয়োটাতে “আই কিল ইউ” বুলি লিখা আছিল। ইয়াৰ অৰ্থ হ’ল “মই তোমাক মাৰি পেলাম।” ভাবুকি দিয়া ব্যক্তিজনে নিজকে আইছিছ কাশ্মীৰৰ অংশ বুলি দাবী কৰে।

জম্মু-কাশ্মীৰৰ বিখ্যাত পৰ্যটনস্থলী পেহেলগামত সন্ত্ৰাসবাদীয়ে বিচাৰি বিচাৰি ২৬জন পৰ্যটকক হত্যা কৰাৰ সময়তে গম্ভীৰে এই ভাবুকি লাভ কৰিছিল। স্বাভাৱিকতে আৰক্ষী অধিক সক্ৰিয় হৈ পৰে।

শনিবাৰে (২৬ এপ্ৰিল) কেন্দ্ৰীয় জিলা আৰক্ষীয়ে গুজৰাটৰ পৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। দিল্লী আৰক্ষীৰ উদ্ধৃতি দি সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি গম্ভীৰলৈ এই ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰা ব্যক্তিজনৰ নাম জিগনেশ সিং পাৰমাৰ। তেওঁক চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি ২১ বছৰীয়া জিগনেশ সিং গুজৰাটৰ বাসিন্দা আৰু ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ। আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁক আটক কৰি জেৰা কৰি আছে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছাত্ৰজনৰ পৰিয়ালে ছাত্ৰজন মানসিক ৰোগত আক্ৰান্ত বুলি দাবী কৰিছে। দিল্লী আৰক্ষীয়ে অৱশ্যে সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে।