NORTHEAST NOW (Assamese)
দেশ

লাভ জেহাদৰ অভিযুক্ত সকলক ধৰি ধৰি বন্ধ্যাকৰণ কৰা হওক : দাবী বিজেপি নেতাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2025 8:57 am

 ‘লাভ জেহাদত লিপ্ত হোৱাসকলক ধৰি বন্ধ্যাকৰণ কৰিব লাগে। ভোপালৰ বিজেপি সাংসদ আলোক শৰ্মাই এই দাবী উত্থাপন কৰিছে। ইতিমধ্যে তেওঁ এই সম্পৰ্কে প্ৰদান কৰা মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইয়াৰ লগে লগে সৃষ্টি হৈছে বিতৰ্কও।

প্ৰথম বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছে ভোপালৰ প্ৰাক্তন মেয়ৰ আলোক শৰ্মা। তেওঁ কয় যে চৰকাৰৰ চূড়ান্ত লক্ষ্য হৈছে জেহাদৰ অভিযুক্তসকলক বন্ধ্যাকৰণ কৰা।

লগতে তেওঁ জনসাধাৰণক কয়, “য’তেই এনে কাণ্ড সংঘটিত হয় তাতেই মোক ফোন কৰক। প্ৰয়োজন হ’লে তৎক্ষণাত থানা ঘেৰাও কৰক।”

উল্লেখ্য যে যোৱা মাহত হিন্দু ছাত্ৰৰ দল এটাক আক্ৰমণ কৰা বুলি খবৰ ওলাইছিল। অভিযুক্ত আটাইকেইজন মুছলমান আৰু লাভ জেহাদৰ অভিযুক্ত। তেওঁলোকে হিন্দু যুৱতীৰ সৈতে বন্ধুত্ব কৰা বুলি অভিযোগ উত্থাপন হৈছিল।  অভিযুক্তই একাংশ যুৱতীক ধৰ্ম সলনি কৰিবলৈও হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

পিছত ভোপাল আৰক্ষী আয়ুক্তই এটা বিশেষ তদন্তকাৰী দলো গঠন কৰে। এনে পৰিস্থিতিত আলোক শৰ্মাই এনে দাবী উত্থাপন কৰিছে। একে সময়তে শৰ্মাই তেওঁক কঠোৰ ভাবুকি দি কয়, “কোনোবাই যদি তেনে কৰিবলৈ চেষ্টা কৰে তেন্তে ইয়াৰ পৰিণতি কল্পনাতীত হ’ব। ইয়াৰ বাবে সমাজ সাজু থাকিব লাগিব।”উল্লেখ্যয যে উত্তৰ প্ৰদেশ, অসমৰ দৰে ৰাজ্যৰ বিধানসভাত ইতিমধ্যে ‘লাভ জেহাদ’ ৰোধৰ বিধেয়ক গৃহীত হৈছে। যোগী চৰকাৰে দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ উপৰিও ৫ লাখ টকা পৰ্যন্ত জৰিমনা বিহাৰ প্ৰস্তাৱো আগবঢ়াইছে। অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাইও এনে পথ বাছি ল’বলৈ বিচাৰিছে৷ চলিত বৰ্ষৰ আৰম্ভণিতে মহাৰাষ্ট্ৰতো লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কোৱা হৈছে।